ভাৰত-ম্যানমাৰ সীমান্তত ইউ এন এল এফ দুই শীৰ্ষ নেতাক গুলীয়াই হত্যা

ভাৰত-ম্যানমাৰ সীমান্তত নিষিদ্ধ গোট ইউনাইটেড নেশ্যনেল লিবাৰেচন ফ্ৰণ্টৰ সদস্য বুলি সন্দেহ কৰা দুজনক অজ্ঞাত লোকে গুলীয়াই হত্যা কৰিছে ।

author-image
Asomiya Pratidin
New Update
 ভাৰত-ম্যানমাৰ সীমান্তত ইউ এন এল এফ দুই শীৰ্ষ নেতাক গুলীয়াই  হত্যা

ডিজিটেল সংবাদ, ৱাখাঃ ভাৰত-ম্যানমাৰ সীমান্তত নিষিদ্ধ গোট ইউনাইটেড নেশ্যনেল লিবাৰেচন ফ্ৰণ্টৰ সদস্য বুলি সন্দেহ কৰা দুজনক অজ্ঞাত লোকে গুলীয়াই হত্যা কৰিছে । জানিব পৰা মতে বৃহস্পতিবাৰে ম্যানমাৰৰ ভাংলি গাঁৱত এই ঘটনা সংঘটিত হয় ।

Advertisment

অৱশ্যে কালি পৰিত্যক্ত মৃতদেহ উদ্ধাৰ পিছত এই কথা নিশ্চিত কৰা হয়। সূত্ৰৰ পৰা জানিব পৰা মতে, মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ বেহিয়াং গাঁৱৰ সমীপৰ ভাংগলী আৰু খেনমানৰ স্থানীয় লোকে বুধবাৰে বিয়লি বন্দুকৰ গুলীৰ শব্দ শুনিবলৈ পায়। পিছত ভাঙলী গাঁৱত দুজন লোকক তেজৰ পুখুৰীত পৰি থকা অৱস্থাত উদ্ধাৰ হয়।

নিহত দুজন স্বয়ম্ভু মেজৰ য়াইফাবা আৰু অধিনায়ক জিৰিলাকপা বুলি সন্দেহ কৰা হৈছে। সূত্ৰই জনোৱা মতে, তেওঁলোক নিষিদ্ধ সংগঠন ইউএনএলএফৰ নেতা বুলি কোৱা হৈছে। যদিও সংগঠনটোৰ মাজত হোৱা সংঘাতৰ বাবে হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছিল। অৱশ্যে এতিয়ালৈকে ঘটনাৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই।

আৰু পঢ়ক: তথ্যচিত্ৰ নিৰ্মাতা বিতোপন কলঙলৈ এন জিৰ ইণ্টাৰ্ণশ্বিপৰ সুবিধা

manipur northeast