কেনে আছে অশান্ত মণিপুৰ?

কেনে আছে অশান্ত মণিপুৰ?

ডিজিটেল ডেস্কঃ অশান্ত মণিপুৰত স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে সকলোধৰণৰ প্ৰচেষ্টা অব্যাহত আছে। ৪ দিনীয়া ভ্ৰমণসূচীৰে মণিপুৰলৈ যোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত ৰাজ্যখনৰ সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে সৰ্বদলীয় বৈঠকত মিলিত হয়।

মঙলবাৰে ৰাজ্যখনৰ সংঘৰ্ষত সৰ্বাধিক ক্ষতিগ্ৰস্ত চুৰাচান্দপুৰ জিলাৰ ক্ষতিগ্ৰস্ত অঞ্চললৈ ভ্ৰমণ কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীয়ে। এখন হেলিকপ্টাৰেৰে চোৰাংচোৱাৰ মুৰব্বী আৰু কেন্দ্ৰীয় গৃহ সচিবৰ সৈতে জিলাখনত উপস্থিত হৈ গৃহমন্ত্ৰী শ্বাহে প্ৰথমে গীৰ্জাসমূহৰ ধৰ্মজাজকৰ সৈতে এক আলোচনাত মিলিত হয়।

তাৰপাছত পৰ্যায়ক্ৰমে তেওঁ কুকী জনগোষ্ঠীৰ জাতীয় সংগঠনৰ নেতৃত্বৰ সৈতে আলোচনাত বহে। এই সংঘৰ্ষত ক্ষতিগ্ৰস্ত সকলক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ আশ্বাস প্ৰদান কৰি গৃহমন্ত্ৰী গৰাকীয়ে কয় সংঘৰ্ষত নিহত প্ৰতিজন পৰিয়ালৰলোকক ১০ লাখকৈ টকাৰ ক্ষতিপূৰণ দিব চৰকাৰে।

তেওঁ সকলো পক্ষকে শান্তি-সম্প্ৰতি বৰ্তাই ৰাখিবলৈ আহ্বান জনায়। ইফালে কংগ্ৰেছ দলৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গেৰ নেতৃত্বত যোৱা কংগ্ৰেছৰ এটা সজাতি দলে নতুন দিল্লীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক সাক্ষাৎ কৰি মণিপুৰ সন্দৰ্ভত এক স্মাৰক পত্ৰ প্ৰদান কৰে।

কংগ্ৰেছে ৰাজ্যখনৰ অশান্তিকৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত কেন্দ্ৰ আৰু মণিপুৰৰ ৰাজ্য চৰকাৰৰ অৱহেলা আছে বুলি অভিযোগ কৰি মানৱীয় দৃষ্টিভংগীৰে বিষয়টো ৰাষ্ট্ৰপতিৰ হস্তক্ষেপৰ দাবী জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিৰ পাছত ৰাজ্যখনৰ পৰিস্থিতি কিছু উন্নত হৈছে যদিও বৰ্তমানেও চেপা উত্তেজনাই বিৰাজ কৰি আছে।

কেন্দ্ৰৰ নিৰ্দেশত মণিপুৰত বাহৰ পাতিছে চি আৰ পি এফৰ মহানিৰ্দেশক ৰাজীৱ সিঙে। এই পৰিস্থিতি চম্ভালিবৰ বাবে কেন্দ্ৰই বিশেষ দায়িত্ব প্ৰদান কৰিছে ১৯৯৩ বেটছৰ আই পি এছ বিষয়া গৰাকীক। ইফালে মণিপুৰৰ স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি ৰাজ্য চৰকাৰে অচিৰেই ৰাজ্যখনৰ বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীক অপসাৰণ কৰি নতুন এগৰাকী বিষয়াক এই দায়িত্ব দিবলৈ সাজু হৈছে।

মঙলবাৰে ইম্ফলত ৰাজ্যখনৰ জাতীয় সংগঠনৰ সৈতে হোৱা বৈঠকৰ অন্তত গৃহমন্ত্ৰী শ্বাহে এক টুইটযোগে কয় যে, মণিপুৰৰ পৰিস্থিতি স্বাভাৱিক হোৱাৰ দিশে আগবাঢ়িছে। উত্তৰ-পূৰ্বাঞ্চলৰ এই ৰাজ্যখনৰ অশান্তিকৰ পৰিস্থিতি সন্দৰ্ভত চীফ অফ ডিফেঞ্চ ষ্টাফ জেনেৰেল অনিল চৌহানে এয়া কোনো অনুপ্ৰৱেশকাৰীৰ বাবে হোৱা সমস্যা নহয় বুলি উল্লেখ কৰিছে।

বিগত কেইবাদিন ধৰি কাৰ্ফিউত থকা ৰাজ্যখনৰ প্ৰায়বোৰ জিলাতেই কেইঘন্টামানৰ বাবে কাৰ্ফিউ শিথিল কৰি দিয়াৰ পাছত সাধাৰণ নাগৰিকসকলে পৰ্যাপ্ত বয়বস্ত ক্ৰয় কৰিবলৈ বজাৰত ভিৰ কৰাও পৰিলক্ষিত হয়।

অশান্ত মণিপুৰত পৰিস্থিতিৰ বুজ লবলৈ ২৭ মে'ত গৈ ইম্ফলত উপস্থিত হৈছিল সেনা প্ৰধান মনোজ পাণ্ডে আৰু ইষ্টাৰ্ণ কামাণ্ড চীফ লেফটেনেন্ট জেনেৰেল ৰাণাপ্ৰতাপ কলিতাই। দুয়োগৰাকী উচ্চ পদস্থ সেনা বিষয়াই পৰিস্থিতি সন্দৰ্ভত মণিপুৰৰ ৰাজ্যপালৰ সৈতে ৰাজভৱনত এক আলোচনাতো মিলিত হৈছিল।

সেনা আৰু অসম ৰাইফলচক ১৩৫ টা কলমচ বৰ্তমান আছে ৰাজ্যখনত। উল্লেখ্য যে এই সংঘৰ্ষৰ পাছতেই স্পৰ্ষকাতৰ অঞ্চলৰ পৰা ৩৫,০০০ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হয়।

কেনে আছে অশান্ত মণিপুৰ?
নিমাত কেন্দ্ৰীয় চৰকাৰঃ দেশৰ হকে জয় কৰা মেডেল গংগাত পেলাই দিব মল্লযোদ্ধা সকলে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in