নিমাত কেন্দ্ৰীয় চৰকাৰঃ দেশৰ হকে জয় কৰা মেডেল গংগাত পেলাই দিব মল্লযোদ্ধা সকলে

মল্লযোদ্ধাসকলৰ প্ৰতিবাদত উত্তপ্ত হৈ পৰিছে দিল্লী। মাহ ধৰি চলা এই আন্দোলনৰ পাছতো এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা নাই কেন্দ্ৰীয় চৰকাৰে।

author-image
Asomiya Pratidin
New Update
নিমাত কেন্দ্ৰীয় চৰকাৰঃ দেশৰ হকে জয় কৰা মেডেল গংগাত পেলাই দিব মল্লযোদ্ধা সকলে

ডিজিটেল ডেস্কঃ মল্লযোদ্ধাসকলৰ প্ৰতিবাদত উত্তপ্ত হৈ পৰিছে দিল্লী। মাহ ধৰি চলা এই আন্দোলনৰ পাছতো এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা নাই কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ মাজতে দেশৰ গৌৰৱ এই মল্লযোদ্ধা সকলে অলিম্পিকৰ পদক গংগাত উটুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Advertisment

মঙলবাৰে এই প্ৰতিবাদকাৰী সকল হৰিদ্বাৰত উপস্থিত হয়। তেওঁলোকে কয় যে, চৰকাৰে আমাৰ কথা নুশুনে আৰু সাংসদ গৰাকীৰ বিৰুদ্ধে কোনো তদন্ত ঘোষণাও নকৰে। গতিকে আমাৰ মেডেলৰ মূল্য কি? সেইবাবে তেওঁলোকে দেশৰ বাবে জয় কৰা মেডেল সমূহ গংগাত উটুৱাই দিয়াৰ সিদ্ধান্ত লোৱা বুলি কয়।হৰিদ্বাৰত উপস্থিত হোৱা খেলুৱৈ সকলৰ ভিতৰত আছে বজৰং পুনিয়া, সাক্ষী মালিক আদি।

ভাৰতীয় মল্লযুদ্ধ সংস্থাৰ সভাপতি তথা বিজেপি সাংসদ ব্ৰীজভূষণ সিঙৰ বিৰুদ্ধে যৌন উৎপীড়নৰ অভিযোগ উত্থাপন হোৱাৰ পাছত ২৩ এপ্ৰিলত প্ৰতিবাদত বহিছিল দেশৰ বহু কেইগৰাকী শীৰ্ষৰ মল্লযোদ্ধা । কিন্তু প্ৰতিবাদৰ পাছতো ব্ৰীজভূষণৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত ৰাখিছিল মল্লযোদ্ধাসকলে।


Also Read: গোলাঘাটত বিষাক্ত কাঠফুলা ভক্ষণ কৰি চিকিৎসাধীন পুৰুষ-মহিলাসহ শিশু

bajrang punia delhi