ডাবল ইঞ্জিন বিজেপি চৰকাৰেহে ত্ৰিপুৰাক সুৰক্ষা দিব পাৰিবঃ অমিত শ্বাহ

অহা ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ৬০ জনীয়া ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচনৰ প্ৰচাৰ অন্তিম পৰ্যায়ত।

author-image
Asomiya Pratidin
New Update
ডাবল ইঞ্জিন বিজেপি চৰকাৰেহে ত্ৰিপুৰাক সুৰক্ষা দিব পাৰিবঃ অমিত শ্বাহ

ডিজিটেল সংবাদ বেকাজানঃ অহা ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ৬০ জনীয়া ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচনৰ প্ৰচাৰ অন্তিম পৰ্যায়ত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শনিবাৰৰ বিশাল নিৰ্বাচনী সভাৰ পিছতে দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰচাৰ চলায়।

আজি আগৰতলাৰ চণ্ডীপুৰৰ এক নিৰ্বাচনী জনসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ত্ৰিপুৰায়ে সমাগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ, চিপিআই(এম) আৰু টিপ্ৰা মোথাৰ ত্ৰিগুণ সমস্যাৰ সন্মুখীন হৈছে। কিন্তু কেৱল ডাবল ইঞ্জিনযুক্ত বিজেপি চৰকাৰেহে ত্ৰিপুৰাক উন্নয়নৰ গতি দিব পাৰিব।

অমিত শ্বাহে লগতে কয় যে ত্ৰিপুৰাত দীৰ্ঘদিন ধৰি আদিবাসীক বিশ্বাসঘাতকতা কৰা বাওঁপন্থীয়ে এতিয়া মানুহক প্ৰতাৰণা কৰাৰ বাবে এজন জনজাতীয় নেতাক মুখ্যমন্ত্ৰীৰ মুখ হিচাপে প্ৰক্ষেপ কৰিছে। উনাকোটি জিলাত টেলিত আন এক সভাত শ্বাহে কয় যে যদি আপুনি এই ‘ট্ৰিপল ট্ৰাবল’ৰ পৰা উদ্ধাৰ হ’ব বিচাৰে তেন্তে ডাবল ইঞ্জিনযুক্ত বিজেপি চৰকাৰক ভোট দিয়ক।

শ্বাহে কয় যে কংগ্ৰেছ আৰু বাওঁপন্থীৰ একত্ৰিত হোৱাটোৱে নিৰ্বাচনত বিজেপিৰ লগত পৰাজয় স্বীকাৰ কৰাৰ ইংগিত দিছে। উল্লেখযোগ্য যে অহা ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ৬০ জনীয়া বিধানসভাৰ নিৰ্বাচনত চিপিআই আৰু কংগ্ৰেছে যৌথভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

আৰু পঢ়ক: মধ্যবিত্তক লগত লৈ নতুন ইতিহাস সৃষ্টিৰ দিশে ২০২৪...

nagaland bjp