মধ্যবিত্তক লগত লৈ নতুন ইতিহাস সৃষ্টিৰ দিশে ২০২৪...

২০২৩ চনত ন খন ৰাজ্যৰ অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন আৰু সমান্তৰালকৈ আহিছে ২০২৪ চনৰ লোকসভা নিৰ্বাচন। ইয়াৰ মাজতে সংসদৰ বাজেট অধিৱেশনে এইবাৰ বিজেপিৰ নিৰ্বাচনী কাৰ্যসূচীৰ কিছু ইংগিত দিছে।
মধ্যবিত্তক লগত লৈ নতুন ইতিহাস সৃষ্টিৰ দিশে ২০২৪...

বৰষা শৰ্মা

২০২৩ চনত ন খন ৰাজ্যৰ অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন আৰু সমান্তৰালকৈ আহিছে ২০২৪ চনৰ লোকসভা নিৰ্বাচন। ইয়াৰ মাজতে সংসদৰ বাজেট অধিৱেশনে এইবাৰ বিজেপিৰ নিৰ্বাচনী কাৰ্যসূচীৰ কিছু ইংগিত দিছে।

ৰাজ্যসভাত মোডীৰ ভাষণৰ পৰা ২০২৪ চনৰ নিৰ্বাচনী এজেণ্ডাৰ কিছু ইংগিত পোৱা গৈছিল। বিজেপিয়ে কিছুমান মূল বিষয়বস্তু যেনে, যুৱ, মহিলা, অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি, সমাজৰ অন্যান্য সামাজিকভাৱে উপেক্ষিত শ্ৰেণী, কৃষক আৰু আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে 'মধ্যবিত্ত' শ্ৰেণীক সামৰি লৈছে।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱ সন্দৰ্ভত ভাষণ প্ৰদান কৰি ৰাজ্যসভা আৰু লোকসভাত উপৰোক্ত বিষয় সমূহৰ ওপৰত মন্তব্য কৰিছিল।য'ত সকলোতকৈ উল্লেখ্য শ্ৰেণী হৈছে 'মধ্যবিত্ত'।

মোডী চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল যে চৰকাৰে মধ্যবিত্ত শ্ৰেণীৰ হৈ একো কৰা নাই। কিন্তু এইবাৰৰ বাজেটত স্থান পালে মধ্যবিত্তই। চৰকাৰে যেন কৈ গ'ল মোডী আছে মধ্যবিত্তৰ সৈতে।

আয়কৰৰ পৰা আৰম্ভ কৰি প্ৰতিটো ক্ষেত্ৰতে মধ্যবিত্তৰ স্বাৰ্থৰ কথা ভাৱি এইবাৰৰ বাজেট উত্থাপন কৰা হৈছে। যোৱা ন বছৰত কোনো বাজেট ২০২৩-২৪ বৰ্ষৰ বাজেটৰ দৰে ইমান মধ্যবিত্তৰ বাবে লাভজনক হোৱা নাই।

ইয়াৰোপৰি ওপৰত উল্লেখ কৰা বিষয়বস্তু সমূহৰ ওপৰতো মোডীয়ে এইবাৰ বাজেট অধিৱেশনত বিতংভাৱে কয়। যাৰ দ্বাৰা কিছু পৰিমাণে জনতা প্ৰভান্বিত হ'ব।

অন্যহাতে বিৰোধী সমস্যা সমূহ চিনাক্ত কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে। সংসদত অসংদীয় ভাষা, মোডীৰ শ্লোগান আদি দিয়াতে ব্যস্ত থাকিল বিৰোধী। যাৰ বাবে তেওঁলোকৰ কিছুমান দাবী প্ৰত্যাহাৰো হৈছিল। 'পুৰণি পেঞ্চন আঁচনি' পুনৰুজ্জীৱিত কৰা বিত্তীয় ব্যৱস্থাপনাৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হ'ব পাৰে।

সংসদত বাজেট উত্থাপন কৰাৰ পাছত প্ৰত্যক্ষ হৈছিল যে বিৰোধীৰ কোনো নিজা স্থিতি নাছিল। কেৱল চৰকাৰৰ ক্ৰুটি উলিয়াই তাক দাঙি ধৰাৰ চেষ্টা কৰিছিল।

ইয়াৰ মাজতে আহি আছে ৯ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনী প্ৰচাৰত অংশ লৈ মোডীয়ে কৈ গৈছে বিজেপিৰ উন্নয়নৰ কথা। নিৰ্বাচনী প্ৰচাৰত স্থান পাইছে ৰাস্তা-ঘাট,ঘৰ,পানীৰ পৰা আৰম্ভ কৰি বিজেপিয়ে প্ৰতিশ্ৰুকি কৰা ধৰণে গঠন কৰা বুথ কমিটীৰ।

প্ৰধানমন্ত্ৰী মোডীয়ে ২০২৪ চনত জয় লাভ কৰিব নে? এই প্ৰশ্নৰ উত্তৰ কেৱল জনতাৰ হাতত। কিন্তু ৰাইজৰ মাজত বিজেপিৰ জনপ্ৰিয়তা হ্ৰাস পোৱা নাই। যাৰ সুবিধা দলটোৱে উঠাইছে। অন্যহাতে মিডিয়াৰ কভাৰেজেও যথেষ্ঠ সহায় কৰা পৰিলক্ষিত হয়। তদুপৰি একাংশৰ মতে বিজেপি মানেই হৈছে মোডী। একাংশ জনসাধৰণ মাজত মোডীৰ জনপ্ৰিয়তা ইমানেই অত্যাধিক যে মোডী বুলিলেই সকলো।

প্ৰথম অৱস্থাত কংগ্ৰেছে ভাৰতৰ স্বাধীনতাক লৈ কথাৰ ফুলজাৰি চটিয়াই কেন্দ্ৰ আৰু ৰাজ্যসমূহত বছৰ বছৰ ধৰি শাসন কৰিছিল। ইয়াৰ মূল ভোটদান উচ্চ বৰ্ণ, মুছলমান আৰু দলিত আছিল। কিন্তু পৰৱৰ্তী সময়ত দলটোৱে ক্ষমতা হেৰুৱাইছিল।

তাৰ পিছত বিজেপিৰ উত্থান আৰু বাজপেয়ীৰ যুগ আহিছিল যি ইমানবেছি শক্তিশালী নাছিল। যাৰ বাবে কংগ্ৰেছে একেৰাহে দুটা কাৰ্যকালৰ বাবে উভতি আহিছিল।

২০১৪ চনত পুনৰ উত্থান হ'ল বিজেপিৰ। এইবাৰ বিজেপিয়ে লৈ আহিল এক নতুন বিষয়বস্তু- হিন্দুত্ব আৰু মোডী।এয়া বিজেপিৰ বাবে যোগাত্মক দিশ আছিল। আগৰ কেইবাখনো চৰকাৰৰ পতনৰ আঁৰত প্ৰত্যাহ্বান হৈ পৰিছিল মোডী আৰু হিন্দুত্ববাদ।

প্ৰধানমন্ত্ৰী মোডী পৰাজিত হ'ব নেকি? ইয়াৰ উত্তৰো কেৱল জনতাৰ ওচৰত। প্ৰধানমন্ত্ৰী মোডী পৰাজিত ইতিহাস ৰচনা হ'ব। তেওঁ কেতিয়াও নিৰ্বাচনত পৰাজিত হোৱা নাই। ২০০১ চনত, বিজেপিয়ে তেওঁক মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব ল'বলৈ দিল্লীৰ পৰা গুজৰাটলৈ পঠিয়াইছিল।তাৰ পাছৰ পৰাই মোডীয়ে ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰিছিল।

ইয়াৰ মাজতে এটা কথা উল্লেখ কৰিব লাগিব যে ১৭ জানুৱাৰীত অনুষ্ঠিত হৈছিল বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক। এই বৈঠকত মোডীয়ে কৰ্মকৰ্তা সকলক ৰাইজৰ ওচৰলৈ যাবলৈ আহ্বান জনাইছিল।

জ্যেষ্ঠ বিজেপি নেতা দেৱেন্দ্ৰ ফাডনাভিছে কৈছিল যে"আমাৰ ওচৰত ৪০০ দিন আছে (লোকসভা নিৰ্বাচনলৈকে) আৰু আমি জনসাধাৰণৰ সেৱাৰ বাবে সকলো কৰিব লাগিব। আমি ইতিহাস সৃষ্টি কৰিব লাগিব। প্ৰধানমন্ত্ৰী মোডীয়ে কৈছিল যে আমি ১৮-২৫ বছৰ বয়সৰ লোকসকলৰ প্ৰতি মনোযোগ দিব লাগিব।

গতিকে বিজেপিৰ ব্লু প্ৰিন্ট ইতিমধ্যে সম্পূৰ্ণ হৈছে। অন্যহাতে বিজেপিয়ে বিভিন্ন আঁচনি প্ৰস্তুতৰ দ্বাৰা হিতাধিকাৰী সৃষ্টি কৰি ৰাইজৰ মাজত সোমাই গৈছে ইতিমধ্যে। মোডীয়ে সকলো শ্ৰেণীৰ লোককে যোগাযোগ কৰিবলৈ কৈছিল উক্ত কাৰ্যনিৰ্বাহকত।তেওঁ কৈছিল, ভাৰতৰ "সৰ্বোত্তম কাল" আহি আছে আৰু আমি ইয়াৰ বিকাশৰ বাবে নিজকে সমৰ্পিত কৰা উচিত। গতিকে ২০১৪ চনত বিজেপিৰ শ্লোগান যেনেদৰে 'আচ্ছেদিন' আছিল এইবাৰ ২০২৪ 'ত হ'ব পাৰে 'সৰ্বোত্তম কাল'ৰ দৰেই কিবা ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in