আহি আছে 'হামুন':অসমসহ উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যত হ'ব প্ৰৱল বৃষ্টিপাত...

আহি আছে 'হামুন':অসমসহ উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যত হ'ব প্ৰৱল বৃষ্টিপাত...
আহি আছে 'হামুন':অসমসহ উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যত হ'ব প্ৰৱল বৃষ্টিপাত...

ডিজিটেল ডেস্কঃ বংগোপ সাগৰত নিম্ন চাপৰ ফলত সৃষ্টি হোৱা সাগৰীয় ঘূৰ্ণী বতাহ হামুনৰ প্ৰভাৱ পৰিব অসমকে ধৰি উত্তৰ পূবৰ কেইবাখনো ৰাজ্যত। ইতিমধ্যে এই ৰাজ্য কেইখনত সতৰ্কতা জাৰি কৰা হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আন আন ৰাজ্য ক্ৰমে ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ, নাগালেণ্ডত সতৰ্কতা জাৰি কৰাৰ লগতে প্ৰৱল বৃষ্টিপাতৰ আশংকা কৰিছে।

উল্লেখ্য যে, সাগৰীয় ঘূৰ্ণী হামুনে আজি বাংলাদেশত খুন্দা মাৰিব। তাৰ পাছতে আহি উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰিব। এই সাগৰীয়া বতাহজাকে ঘণ্টাত ২৩ কিলোমিটাৰ গতি বেগেৰে আহি উত্তৰ পূবত খুন্দা মাৰিব।

ইফালে এই ঘূৰ্ণী বতাহাজাকৰ প্ৰভাৱৰ পৰা সুৰক্ষিত কৰিবলৈ বাংলাদেশৰ উপকূলীয় অঞ্চলৰ পৰা তাৰ স্থানীয় বাসিন্দাসকলক সুৰক্ষিত স্থানালৈ স্থানান্তৰ কৰা হৈছে। বন্ধ ৰখা হৈছে জাহাজৰ চলাচল।

আহি আছে 'হামুন':অসমসহ উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যত হ'ব প্ৰৱল বৃষ্টিপাত...
ভাৰতীয় বিজ্ঞানীলৈ আমেৰিকাৰ সন্মানীয় 'নেচনেল মেডেল অফ চাইঞ্চ' বঁটা...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in