পুনৰ অশান্ত অঞ্চলৰূপে ঘোষণা মণিপুৰক

পুনৰ অশান্ত অঞ্চলৰূপে ঘোষণা মণিপুৰক

author-image
Asomiya Pratidin
New Update
পুনৰ অশান্ত অঞ্চলৰূপে ঘোষণা মণিপুৰক

ডিজিটেল ডেস্কঃ অগ্নিগৰ্ভা মণিপুৰক লৈ চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। পুনৰ অশান্ত অঞ্চলৰূপে ঘোষণা কৰা হৈছে মণিপুৰক। পুনৰ ৬ মাহৰ বাবে বৃদ্ধি কৰা হৈছে এএফএচপিএৰ ম্যাদ।

উল্লেখ্য যে, ২ মেইটেই শীক্ষাৰ্থীৰ অপহৰণ আৰু হত্যাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতেই পুনৰ অধিক উত্তপ্ত হৈ পৰিছে মণিপুৰৰ পৰিস্থিতি। মণিপুৰত ইন্টাৰনেট সেৱা পুনৰ মুকলি কৰাৰ পাছৰ পৰাই মণিপুৰত সংঘটিত বিভিন্ন ঘটনাৰ কখা পোহৰলৈ আহি আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত এতিয়া বিভিন্ন বিক্ষিপ্ত ঘটনা সংঘটিত হৈ আছে মণিপুৰত।

মণিপুৰৰ অশান্ত পৰিস্থিতক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। উল্লেখ্য যে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বৃহস্পতিবাৰে শ্ৰীনগৰ আৰক্ষীৰ শীৰ্ষ বিষয়া ৰাকেশ বলৱালক পুনৰ উত্তৰ-পূবলৈ ঘূৰাই পঠিয়াইছে। মণিপুৰৰ এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ অশান্ত অঞ্চলৰূপে ঘোষণা কৰা হৈছে মণিপুৰক।

Also Read: মেৰাপানীত ৰেডিঅ'গ্ৰাফাৰ নোহোৱাকৈয়ে চলি আছে ডায়গনষ্টিক চেন্টাৰ

manipur govt central govt