মেৰাপানীত ৰেডিঅ'গ্ৰাফাৰ নোহোৱাকৈয়ে চলি আছে ডায়গনষ্টিক চেন্টাৰ

মেৰাপানীত ৰেডিঅ'গ্ৰাফাৰ নোহোৱাকৈয়ে চলি আছে ডায়গনষ্টিক চেন্টাৰ

author-image
Asomiya Pratidin
New Update
মেৰাপানীত ৰেডিঅ'গ্ৰাফাৰ নোহোৱাকৈয়ে চলি আছে ডায়গনষ্টিক চেন্টাৰ

ডিজিটেল সংবাদ, মেৰাপানীঃ মেৰাপানীৰ এক্স-ৰে ক্লিনিক এণ্ড ডায়গনষ্টিক চেন্টাৰৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ। এটা ফেচবুক প'ষ্টে উদঙাইছে ক্লিনিক খনৰ এক ভয়ংকৰ তথ্য।

Advertisment

অভিযোগ অনুসৰি, চেন্টাৰটোত ৰেডিঅ'গ্ৰাফাৰ নোহোৱাকৈ দুগৰাকী সাধাৰণ কৰ্মচাৰী নিয়োগ কৰিয়েই দীৰ্ঘদিন ধৰি আছে এক্স-ৰে সম্পৰ্কীয় কাম-কাজ। সৰ্বসাধাৰণ মানুহৰ চকুত ধূলি দি টকাৰ লালসাত মানৱ সেৱাৰ নামত বেপাৰ চলাইছে প্ৰতিষ্ঠানটোৰ স্বত্বাধীকাৰীয়ে। ইফালে প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী হেমন্ত বড়োৱে নিজ মুখে ৰেডিঅ'গ্ৰাফাৰ নথকাৰ কথা স্বীকাৰ কৰিছে যদিও তেওঁ ভিতৰুৱা অঞ্চলটোত মানৱ সেৱা কৰি অহা বুলিহে দম্ভালি মাৰি আগন্তুক সময়ত ৰেডিঅ'গ্ৰাফাৰ নিয়োগ কৰিব বুলি গা-এৰা মন্তব্য কৰে।

এই সমগ্ৰ ঘটনা এগৰাকী যুৱতীয়ে এটা ফেচবুক পষ্টৰ জৰিয়তে পোহৰলৈ আনে। মানৱ জীৱনক লৈ হেতালি খেলা এইসমূহ প্ৰতিস্থানৰ বিৰুদ্ধে চৰকাৰে বা বিভাগীয় কৰ্তৃপক্ষই কি পদক্ষেপ গ্ৰহণ কৰে পৰবৰ্তী সময়তহে হ'ব লক্ষণীয়।

Also Read: পঞ্চম দিনৰ আৰম্ভণীতে স্বৰ্ণ পদক জয় ভাৰতৰ

assam