AAPSC প্ৰশ্নকাকত বিক্ৰী কেলেংকাৰীঃ কাৰ একাউন্টত ইডিয়ে পালে ১কোটিতকৈ অধিক টকা...

প্ৰশ্নকাকত বিক্ৰী কেলেংকাৰীয়ে জোকাৰিছে ৰাজ্য। ইয়াৰ মাজতে বিভিন্ন স্থানত চলিছে ইডিৰ অভিযান।

author-image
Asomiya Pratidin
New Update
AAPSC প্ৰশ্নকাকত বিক্ৰী কেলেংকাৰীঃ কাৰ একাউন্টত ইডিয়ে পালে ১কোটিতকৈ অধিক টকা...

ডিজিটেল ডেস্কঃ প্ৰশ্ন কাকত কেলেংকাৰীয়ে জোকাৰিছে ৰাজ্য। ইডিয়ে জব্দ কৰিলে ১ কোটিতকৈ অধিক টকা। অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাৰ কেইবাঠাইতো এনফ'ৰ্চমেন্ট ডাইৰেক্টৰেটৰ এটা বিশাল দলে চলোৱা এক অভিযানত জব্দ কৰিছে ১ কোটি ৪১ লাখ টকা জমা বেংক একাউন্ট। যোৱা মঙলবাৰে কেইবাঘন্টা ধৰি চলিছিল এই অভিযান।

Advertisment

অভিযানত ১ কোটি ৪১ লাখ টকাৰ বেংক একাউন্ট জব্দ কৰে ই ডিৰ বিষয়াই। ই ডিয়ে টুইটাৰত এই কথা প্ৰকাশ কৰিছে। অৱশ্যে জব্দ কৰা ধনখিনিৰ গৰাকী কোন সেই কথা ই ডিয়ে প্ৰকাশ কৰা নাই। জানিব পৰা মতে এই তালাচি অভিযান ৰাজ্য চৰকাৰৰ আহ্বানক্ৰমেই কৰা হৈছে।

উল্লেখ্য যে অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ প্ৰশ্ন কাকত বিক্ৰী কেলেংকাৰীয়ে বিগত প্ৰায় সাত মাহ ধৰি ৰাজ্যখনৰ ৰাজনৈতিক বাতাবৰণ উত্তপ্ত কৰি ৰাখিছে। প্ৰতিবাদী জনতাৰ দাবীৰ ওচৰত সেও মানিবলৈ বাধ্য হৈছিল মুখ্যমন্ত্ৰী পেমা খান্দু।

যোৱা ২০ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতিৰ ইটানগৰ ভ্ৰমণৰ আগমুহূৰ্তত বঞ্চিত প্ৰাৰ্থীয়ে ঘোষণা কৰা অনিৰ্দিষ্ট সময়লৈ ইটানগৰ বন্ধ কাৰ্যসূচীৰ অবসান ঘটাবলৈ তেওঁলোকৰ ১৩ দফীয়া দাবী মানি লৈছিল পেমা খান্দুৱে। তাৰে এটা দাবী আছিল আয়োগৰ অধ্যক্ষ আৰু প্ৰশ্ন কাকত বিক্ৰী কেলেংকাৰীত জড়িত আন আন বিষয়া-কৰ্মচাৰীৰ আয়ৰ উৎস আৰু ধন-সম্পত্তি সন্দৰ্ভত ই ডিৰ দ্বাৰা অনুসন্ধান কৰোৱা। সেই অনুসৰি যোৱা দহ মাৰ্চত অৰুণাচল প্ৰদেশ চৰকাৰে ই ডিক এই কেলেংকাৰীত জড়িতৰ বিৰুদ্ধে অনুসন্ধান কৰিবলৈ আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিছিল।

লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ নাবাম নিপ্প'ৰ বিৰুদ্ধে অধিক তথ্যৰ সন্ধানৰ বাবেই চৰকাৰে এই অনুৰোধ কৰিছিল। প্ৰশ্ন কাকত বিক্ৰী কেলেংকাৰীত জড়িত বুলি নাবামৰ বিৰুদ্ধে পৰ্যাপ্ত তথ্য পোৱা নাছিল চৰকাৰে । সেয়ে চৰকাৰে নাবামক গ্ৰেপ্তাৰ কৰা নাছিল। কিন্তু আয়োগত সদস্য আৰু অধ্যক্ষ পদত আঠ বছৰ ধৰি দপদপাই থকা নাবাম নিপ্প'ৰ সাগৰসম সম্পত্তি আৰু বিলাসী জীৱন শৈলীৰ বাবে সকলোৱে তেওঁলৈ সন্দেহৰ আঙুলি টোৱাইছিল আৰু গ্ৰেপ্তাৰৰ দাবী তুলিছিল। এপিপিএছচিৰ প্ৰশ্ন কাকত ফাদিল আৰু কেলেংকাৰীত জড়িতক গ্ৰেপ্তাৰৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি পাইছে। 

Also Read: আৰক্ষী বিষয়াৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, পলুৱাই পঠালে ধৰ্ষণৰ অভিযুক্তক

arunachal aapsc