আৰক্ষী বিষয়াৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, পলুৱাই পঠালে ধৰ্ষণৰ অভিযুক্তক

অভিযোগ অনুসৰি ধৰ্ষণৰ অভিযোগ উঠা এগৰাকী আচামীক জেললৈ নিয়াৰ পথতে আদবাটতে আৰক্ষীৰ গাড়ীৰ পৰাই গোপনে পলুৱাই পঠালে আৰক্ষীয়ে।
আৰক্ষী বিষয়াৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, পলুৱাই পঠালে ধৰ্ষণৰ অভিযুক্তক

ডিজিটেল সংবাদ, মৰিয়নিঃ আৰক্ষীৰ খাকী পোচাকত কলংকৰ দাগ লগালে এগৰাকী আৰক্ষী বিষয়াই। অভিযোগ অনুসৰি ধৰ্ষণৰ অভিযোগ উঠা এগৰাকী আচামীক জেললৈ নিয়াৰ পথতে আদবাটতে আৰক্ষীৰ গাড়ীৰ পৰাই গোপনে পলুৱাই পঠালে আৰক্ষীয়ে।

এই নাভূত নাশ্ৰুত ঘটনাটো সংঘটিত হৈছে মৰিয়নিৰ চেলেংহাট আৰক্ষী চকীত।জানিবপৰামতে বিগত ৮ জানুৱাৰীত মৰিয়নিৰ বৈছাহাবিত টিংকু চেত্ৰী নামৰ এটা লম্পতে সমীপৰ এগৰাকী মহিলাক ধৰ্ষণৰ প্ৰচেষ্টা চলাইছিল। তেতিয়াই মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰাত ৰাইজে হাতে লোতে লম্পত ৰিংকুক ধৰি চেলেংহাট আৰক্ষীক চমজাই দিয়ে।

লগে লগে ভুক্তভোগী মহিলাই থানাত এখন এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰন কৰা বুলি পৰিয়ালক অৱগত কৰে।কিন্তু অভিযোগ অনুসৰি অভিযুক্ত ৰিংকুক প্ৰকৃততে জেল হাজোতলৈ প্ৰেৰণ কৰাৰ সলনি আৰক্ষীৰ গাড়ীৰ পৰাই পলুৱাই পঠিয়াই অভিযুক্তক।

ৰিংকুৱে গোপনে জেলৰ পৰিৱৰ্তে যাত্ৰা কৰে বেংগলুৰ।জানিবপৰা মতে এই ঘটনাৰ সৈতে জৰিত আছিল চেলেংহাট আৰক্ষী চকীত উপপৰিদৰ্শক হিচাপে কৰ্মৰত বিষ্ণ চৰকাৰ নামৰ এজন বিষয়া।

আৰক্ষী বিষয়াৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, পলুৱাই পঠালে ধৰ্ষণৰ অভিযুক্তক
মেট্ৰিক পৰীক্ষাক লৈ ছেবাৰ নতুন নিৰ্দেশনা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in