মণিপুৰত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক জব্দ

চুবুৰীয়া ৰাজ্য মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত আছে। ইম্ফল পশ্চিম জিলাৰ অন্তৰ্গত লিলং আটৌখং এলেকাত অভিযান চলাই দেওবাৰে বুজন পৰিমাণৰ অস্ত্ৰশস্ত্ৰ জব্দ কৰে নিৰাপত্তা বাহিনীয়ে।

author-image
Asomiya Pratidin
New Update
মণিপুৰত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক জব্দ

ডিজিটেল সংবাদ, শিলচৰঃ চুবুৰীয়া ৰাজ্য মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত আছে। ইম্ফল পশ্চিম জিলাৰ অন্তৰ্গত লিলং আটৌখং এলেকাত অভিযান চলাই দেওবাৰে বুজন পৰিমাণৰ অস্ত্ৰশস্ত্ৰ জব্দ কৰে নিৰাপত্তা বাহিনীয়ে।

Advertisment

মণিপুৰ আৰক্ষীৰ এক সুত্ৰই সদৰি কৰা মতে, ঐনাম চাবোম বুমত অভিযান চলাই জব্দ কৰা হয় এই মাৰণাস্ত্ৰ সমুহ। অভিযান কালত - এটা ৫১ এম এম মৰ্টাৰ ছেল,মেগজিন সহ এটা ৯ এম এম পিষ্টল, ১২টা ৯ এম এম পিষ্টলৰ সজীৱ গুলি, ৫১ এম এম ৰ তিনিটা হেণ্ড গ্ৰেনেড,জব্দ কৰা হয় । লগতে ২ ইঞ্চি দৈৰ্ঘৰ পাঁচটা আৰু ৮১ এম এম দৈৰ্ঘৰ পাঁচটা মৰ্টাৰ ছেলো জব্দ কৰা হয়।

আনহাতে, অশান্ত জৰ্জৰ এলেকাৰে অত্যাৱশ্যকীয় সামগ্ৰী সহ ২১২ খন বাহন ৰাষ্ট্ৰীয় ঘাই পথেৰে পাৰ কৰোৱা হৈছে। স্পৰ্শকাতৰ প্ৰতিটো স্থানতে কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰি বাহন সমূহৰ নিৰাপদ চলাচল নিশ্চিত কৰাৰ বিপৰীতে এই অঞ্চলত নিৰাপত্তা ৰক্ষীৰ কনভয়ৰ ব্যৱস্থা কৰা হৈছে।

তদুপৰি, মণিপুৰৰ বিভিন্ন জিলাৰ পাহাৰ আৰু উপত্যকা উভয়তে মুঠ ১৪৩টা তালাচী চকী স্থাপন কৰি বাহন সমুহ তন্ন তন্নকৈ পৰীক্ষা কৰা হৈছে। নিয়ম ভংগ কৰা মুঠ ২৪৮ জন ব্যক্তিক আটক কৰা বুলিও সদৰি কৰিছে আৰক্ষীয়ে।

Also Read: ঢকুৱাখনাত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকৰ ধৰ্মঘট

manipur weapons