/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/ff2af58f-4a1e-4a93-82d6-0b4c4b8109db/8.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনাঃ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ আহ্বান ক্ৰমে পুনৰ গণতান্ত্ৰিক প্ৰতিবাদত নামিল উৎকৃষ্ট মানৱ সম্পদৰ সৃষ্টিকৰ্তা শিক্ষাগুৰু সকল। বিগত নিযুক্তি কালৰ পৰাই নিৰন্তৰ আৰু নিৰবিছিন্ন ভাৱে গুণগত শিক্ষাৰ গৰিমা বিলাই ২০১৩ চনৰ পৰা আৰ অ পিৰ অধীনত বেতন লাভ কৰি পৰৱৰ্তী সময়ত ২০১৭ চনত বেতন সংশোধনী হৈ নিয়মীয়া শিক্ষকৰ সম হাৰত সুবিধা ভোগ কৰা ৰাজ্যখনৰ লগতে ঢকুৱাখনা খণ্ডৰ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ প্ৰাপ্য প্ৰাপ্তিৰ দাবীত সোমবাৰে সাব্যস্ত হয় প্ৰতিবাদ। ঢকুৱাখনা খণ্ড শিক্ষক সমাজৰ উদ্যোগত সোমবাৰে দুপৰীয়া ১২ বজাৰ পৰা বিয়লি ৪ বজালৈ অৰ্ধ শতাধিক ঠিকাভিত্তিত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সকল ঢকুৱাখনা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয় প্ৰাঙ্গনত সমবেত হৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।
সকলো ঠিকাভিত্তিত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকৰ চাকৰি বেতন সুৰক্ষা সহ নিয়মীয়া কৰাক মূল দাবী হিচাবে উত্থাপন কৰি শিক্ষক সকলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
আমাক আমাৰ নাৰ্ষ প্ৰাপ্য অধিকাৰ প্ৰদান কৰক , আমাক শ্ৰেণী কোঠাত থকাৰ পৰিবেশ দিয়ক, আমাৰ সন্মান অক্ষুন্ন ৰাখি আমাৰ চাকৰি নিয়মীয়াকৰণ কৰক,আমাৰ চাকৰি বেতন সুৰক্ষাৰে নিয়মীয়া কৰক ,আমাৰ অভিজ্ঞতাৰ মূল্য দিয়ক, আমাৰ দাবী বেতন সুৰক্ষা সহ চাকৰিৰ নিয়মীয়াকৰন আদি প্লে'কাৰ্ড লৈ শিক্ষক সকলে ৪ ঘণ্টা সময় প্ৰতিবাদ স্থলীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি ঠিকাভিত্তিত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সকলে
শিক্ষা বিভাগৰ "প্ৰায় নিয়মীয়াকৰণৰ" কৌশলী আৰু ক্ৰুটিপূৰ্ণ স্থিতিৰ ঐক্যবদ্ধ বিৰোধীতাৰে সবল প্ৰতিবাদ সাব্যস্ত কৰে । নাৰ্য প্ৰাপ্তিৰ অন্যথাই অনাগত সময়তো সংঘবদ্ধ প্ৰতিবাদ সাব্যস্ত কৰাৰ সকীয়নী দিয়ে ঢকুৱাখনাৰ প্ৰাপ্য বঞ্চিত শিক্ষাগুৰু সকলে।
Also Read: কংগ্ৰেছকৈ ভ্ৰষ্টাচাৰী আৰু কোনো নাইঃ মন্ত্ৰী পীযুষ হাজৰীকা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us