মণিপুৰ কাণ্ডৰ অন্যতম অভিযুক্ত হুইৰেম হেৰোডাছ মেইটেইৰ ঘৰ জ্বলাই দিলে একাংশ উত্তেজিত মহিলাই

মণিপুৰ কাণ্ডৰ অন্যতম অভিযুক্ত হুইৰেম হেৰোডাছ মেইটেইৰ ঘৰ জ্বলাই দিলে একাংশ উত্তেজিত মহিলাই

ডিজিটেল সংবাদ,বেকাজান : মণিপুৰৰ দুই মহিলাকলৈ নিৰ্লজ্জ কাণ্ড সংঘটিত কৰা মূল অভিযুক্ত হুইৰেম হেৰোদাছ মেইটেইৰ ঘৰ জ্বলাই দিলে একাংশ মহিলাই। মণিপুৰক দেশবাসীৰ ওচৰত লজ্জানত কৰা ঘটনাৰ মূল অভিযুক্ত হেৰোদাছ মেইটেইৰ ঘৰত হাতে-হাতে লাঠি লৈ উপস্থিত হয় ৰাজ্যখনৰ নংপক ছেকমাইৰ একাংশ উত্তেজিত মহিলা।

বৃহস্পতিবাৰে থৌবাল জিলা আৰক্ষীয়ে এই অমানৱীয় কাৰ্যৰ সৈতে জড়িত দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। এই নৰকীয় কাণ্ডৰ মূল অভিযুক্ত হুইৰেম হেৰোডাছ(৩০) হৈছে য়াইৰিপক বিষ্ণু নাহা কেইশ্বাম লেইকাইৰ (ল) ৰাজেনৰ পুত্ৰ।

উল্লেখযোগ্য যে য়াইৰিপক থানাৰ অধীনস্থ পেচি আৱাং লেইকাইৰ মাতৃগৃহত ডাঙৰ-দীঘল হোৱা হুইৰেম হেৰোডাছ এজন বিবাহিত লোক। আনহাতে ভাইৰেল ভিডিঅ’ ৰেকৰ্ডিং কৰা আন এজন অভিযুক্ত য়ুমলেম্বম জীৱনকো একেদিনাই নংপক ছেকমাইত থকা বাসগৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে যোৱা ৪ মে’ত নংপক ছেকমাই থানাৰ অধীনস্থ বি ফাইনম কুকি গাঁৱত সংঘটিত হোৱা উক্ত ঘটনাটো অপহৰণ,দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ গোচৰ ৰুজু হোৱাৰ পিচতে এই গোচৰটো ৰুজু হৈছে। পেচি গাঁৱৰ ৰাইজে পেচি যুৱ উন্নয়ন ক্লাবৰ খেলপথাৰত এক গণ সভা অনুষ্ঠিত কৰি এই অমানৱীয় ঘটনাক গৰিহণা দিয়ে।

জানিব পৰা মতে উক্ত সভাত মহিলাৰ বিৰুদ্ধে এনে জঘন্য অপৰাধত জড়িত থকাৰ বাবে পেচি আৱাং লেইকাইৰ পৰা পৰিয়ালসহ হেৰোডাছক বাহিৰ কৰি দিয়াৰ সিদ্ধান্ত লোৱা হয়।

মণিপুৰ কাণ্ডৰ অন্যতম অভিযুক্ত হুইৰেম হেৰোডাছ মেইটেইৰ ঘৰ জ্বলাই দিলে একাংশ উত্তেজিত মহিলাই
মহাৰাষ্ট্ৰত ভূমিস্খলন : ৪০ৰো অধিক পৰিয়াল ক্ষতিগ্ৰস্ত, নিহত ১৬ জন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in