মহাৰাষ্ট্ৰত ভূমিস্খলন : ৪০ৰো অধিক পৰিয়াল ক্ষতিগ্ৰস্ত, নিহত ১৬ জন

মহাৰাষ্ট্ৰত ভূমিস্খলন : ৪০ৰো অধিক পৰিয়াল ক্ষতিগ্ৰস্ত, নিহত ১৬ জন

ডিজিটেল ডেস্ক : নেৰানেপেৰা বৰষুণৰ ফলত মহাৰাষ্ট্ৰত সংঘটিত হৈছে প্ৰাকৃতিক দুৰ্যোগ। ৰাজ্যখনৰ ৰায়গড় জিলাৰ জনজাতিয় গাঁও এখনত বৃহস্পতিবাৰে সংঘটিত হোৱা ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ৪৮ টা পৰিয়াল।

তথ্য অনুসৰি এই শোকাৱহ দুৰ্যোগৰ ফলত শিশুসহ ১৬ গৰাকী লোক নিহত হোৱাৰ লগতে প্ৰায় ১২০ গৰাকী লোক দুৰ্ঘটনাস্থলীতে আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে। ইতিমধ্যে ৰাজ্য চৰকাৰৰ বিশেষ তৎপৰতাত চলি আছে উদ্ধাৰ অভিযান। এন ডি আৰ এফ,এছ ডি আৰ এফ আৰু টি ডি আৰ এফে চলাই আছে উদ্ধাৰ অভিযান।

আহত অৱস্থাত উদ্ধাৰ কৰা ভালেসংখ্যক লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাৰ কিছুসময় পিচতে ঘটনাস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী। দুৰ্ঘটনাস্থলী পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে মন্ত্ৰী গিৰিশ মহাজন, স্থানীয় বিধায়ক মহেশ বালাদী,প্ৰশান্ত ঠাকুৰ,বিভাগীয় বিষয়-ববীয়া আদিয়ে।

এই শোকাৱহ দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ মুখ্যমন্ত্ৰী একনাথ সিন্দে ঘোষণা কৰিছে ৫ লাখ টকাৰ অনুদান। ইয়াৰোপৰি ৰাজ্য চৰকাৰে আহতসকলৰো চিকিৎসাৰ খৰচ বহন কৰিব বুলি উল্লেখ কৰে।

উল্লেখ্যযোগ্য যে বৰষুণ সন্দৰ্ভত বতৰ বিজ্ঞান কেন্দ্ৰই মহাৰাষ্ট্ৰ,বিহাৰ,ঝাৰখণ্ড আদি ৰাজ্যসমূহত আগজাননী দিছিল। বতৰ বিজ্ঞান কেন্দ্ৰই এইসমূহ ৰাজ্যলৈ বৰষুণৰ সম্ভাৱনা থকা বুলি পূৰ্বতেই উল্লেখ কৰিছিল।

মহাৰাষ্ট্ৰত ভূমিস্খলন : ৪০ৰো অধিক পৰিয়াল ক্ষতিগ্ৰস্ত, নিহত ১৬ জন
ৰোহিত-যশস্বী-কোহলিৰ অৰ্ধশতকৰে ভাৰতৰ ২৮৮ ৰান : পুনৰ ব্যৰ্থ শুভমন গীল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in