নাগালেণ্ডত টিকট বঞ্চিত এন ডি পি পি শাসনাধিস্থ দলৰ ৯ জন বিধায়কে পদত্যাগ

নাগালেণ্ডত টিকট বঞ্চিত এন ডি পি পি  শাসনাধিস্থ দলৰ ৯ জন বিধায়কে পদত্যাগ

ডিজিটেল সংবাদ, বেকাজানঃ ৪ ফেব্ৰুৱাৰীঃ শাসনাধিস্থ এন ডি পি পিৰ ৯ জন বিধায়ক ক্ৰমে পিক্টো শ্বোহে (আটোইজু), আমেনবা য়াডেন (টুলি), এল খুমো (থোনোকন্যু), ডাঃ চোটিছুহ চাজো (চোজুবা), এৰ. জালে নেইখা (দক্ষিণ আংগামী-দ্বিতীয়),ইতাচু (মেলুৰি); কেনেইজাখো নাখৰো (পশ্চিম আংগামী), আজেটো জিমোমি (ডিমাপুৰ-তৃতীয়) আৰু ৱাই.এম. হালধীয়া কনিয়াক (ৱাকচিং)—তেওঁলোকৰ পদত্যাগ পত্ৰ দাখিল কৰিছে।

নাগালেণ্ড বিধানসভাৰ সচিবালয়ে জনোৱা মতে, বিধানসভাৰ অধ্যক্ষই ২ ফেব্ৰুৱাৰীৰ বিয়লিৰ পৰা কাৰ্যকৰী হোৱাকৈ ত্ৰয়োদশ এন এল এৰ সদস্যপদৰ পৰা পদত্যাগ গ্ৰহণ কৰি তেওঁলোকৰ নামৰ বিপৰীতে উল্লেখ কৰা আসনসমূহ খালী ঘোষণা কৰিছে। সমাগত নিৰ্বাচনৰ বাবে এনডিপিপিৰ টিকটৰ পৰা বঞ্চিত হোৱা আটাইকেইজন বহি থকা বিধায়কে আন ৰাজনৈতিক দলৰ প্ৰাৰ্থী বা নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in