জন্মৰ পূৰ্বেই সন্তানক কৈ কাজিয়াঃ ৰাজপথৰ বাহনতেই সন্তান প্ৰসৱ কৰাত অভিভাৱকৰ পলায়ন...

জন্মৰ পূৰ্বেই সন্তানক কৈ কাজিয়াঃ ৰাজপথৰ বাহনতেই সন্তান প্ৰসৱ কৰাত অভিভাৱকৰ পলায়ন...
জন্মৰ পূৰ্বেই সন্তানক কৈ কাজিয়াঃ ৰাজপথৰ বাহনতেই সন্তান প্ৰসৱ কৰাত অভিভাৱকৰ পলায়ন...

ডিজিটেল সংবাদ নগাঁও : ৰাজপথত সন্তান প্ৰসৱ ৷ এই ঘটনা নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ সন্মুখত ৷ শুকুৰবাৰে নিশা সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে, এখন টেম্পুত চিকিৎসালয়লৈ এগৰাকী প্ৰসূতি আনিছিল কেইজনমান লোকে ৷ চিকিৎসালয়ৰ গেইটৰ সন্মুখৰ পথতে লোককেইজনৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় ৷

সন্তান লাগে- নালাগে তাক লৈ কাজিয়াৰ সূত্ৰপাত হোৱাৰ মাজতে মহিলাগৰাকীয়ে পথৰ ওপৰতে গাড়ীতে সন্তান প্ৰসব কৰে ৷ এই ঘটনা প্ৰত্যক্ষ কৰা স্হানীয় লোকে লগে লগে চিকিৎসালয়ৰ কৰ্তব্যৰত চিকিৎসাকৰ্মীক খবৰ দিয়াত সন্তানসহ মহিলাগৰাকীক চিকিৎসাৰ দিহা কৰে ৷

এই ঘটনাৰ পিছতে প্ৰসূতি মহিলাগৰাকীক চিকিৎসালয়লৈ লৈ অহা লোক কেইজনে পলায়ন কৰে ৷ পিছত চিকিৎসালয়খনৰ পৰা সন্তানসহ মহিলাগৰাকীক নগাঁও চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ বৰ্তমানলৈকে মহিলাগৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই ৷

জন্মৰ পূৰ্বেই সন্তানক কৈ কাজিয়াঃ ৰাজপথৰ বাহনতেই সন্তান প্ৰসৱ কৰাত অভিভাৱকৰ পলায়ন...
অলিম্পিয়ান জিমনাষ্ট দীপা কৰ্মকাৰলৈ ২১ মাহৰ নিষেধাজ্ঞা

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in