মিজোৰামৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল ৬ হাজাৰৰো অধিক ব্ৰু জনগোষ্ঠীয় লোকৰ নাম...

মিজোৰামৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল ৬ হাজাৰৰো অধিক ব্ৰু জনগোষ্ঠীয় লোকৰ নাম...

 ডিজিটেল ডেস্কঃ মিজোৰামৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিছে ৬ হাজাৰৰো অধিক ব্ৰু জনগোষ্ঠীয় লোকৰ নাম।২০২০ চনৰ ১৬ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰ, মিজোৰাম চৰকাৰ, ত্ৰিপুৰা চৰকাৰ আৰু কেইবাটাও ব্ৰু সংগঠনৰ প্ৰতিনিধিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত স্বাক্ষৰ কৰা এক চুক্তিৰ ফলশ্ৰুতিতেই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে মিজোৰামৰ নিৰ্বাচনী আয়োগৰ বিষয়ববীৱাই।

এই প্ৰক্ৰিয়াত মিজোৰামৰ তিনিখন জিলা মামিত, কোলাচিব আৰু লুংলেইৰ ৯ টা সমষ্টিৰ পৰা প্ৰায় ৬ হাজাৰৰো অধিক ব্ৰু ভোটাৰৰ নাম মিজোৰামৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিছে বুলি জানিবলৈ দিয়ে বিষয়াসকলে।

মিজোৰামৰ মামিত, ডাম্পা আৰু হাচেক বিধান সভা সমষ্টিৰ পৰা ৪৯০০ গৰাকী আৰু কোলাচিব, ছেৰলুই আৰু টুইৰিয়েল বিধান সভা সমষ্টিৰ পৰা ৯৪৮ গৰাকী ত্ৰিপুৰাত স্থায়ীভাৱে বাস কৰি আছিল।তেওঁলোকে বাদ পৰে মিজোৰামৰ ভোটাৰ তালিকাৰ পৰা। আনহাতে দক্ষিণ মিজোৰামৰ লুংলেই জিলাৰ নিৰ্বাচনী বিষয়া সকলে জনাই যে,লুংলেই দক্ষিণ, থোৰাং আৰু পশ্চিম টুইপুই বিধান সভা সমষ্টিৰ প্ৰায় ৩৩৪ গৰাকী ব্ৰু ভোটাৰৰ নাম নিৰ্বাচনী তালিকাৰ পৰা কৰ্তন কৰা হৈছে।

বিষয়াসকলে প্ৰদান কৰা তথ্য অনুসৰি অহা ২ আগষ্টত নিৰ্বাচনী তালিকাৰ খচৰা প্ৰকাশ পালেহে ব্ৰু জনগোষ্ঠীয় ভোটাৰৰ চূড়ান্ত পৰিসংখ্যা নিৰ্ণয় কৰিব পৰা যাব।ইয়াৰ লগতে তেওঁ জনাই যে বৰ্তমান চলি থকা পুনৰীক্ষণৰ পাছত অহা ৪ অক্টোবৰ তাৰিখে চূড়ান্ত নিৰ্বাচনী তালিকা প্ৰকাশ কৰা হ'ব।

উল্লখনীয় যে, ১৯৯৭ চনৰ অক্টোবৰ মাহত ব্ৰু উগ্ৰপন্থীয়ে এগৰাকী মিজো বন বিষয়াক হত্যা কৰাৰ পাছত সৃষ্টি হোৱা জাতিগত সংৰ্ঘৰ ফলতেই হাজাৰ হাজাৰ ব্ৰু জনগোষ্ঠীয় লোকে ত্ৰিপুৰালৈ পলায়ন কৰিছিল।তেতিয়াৰে পৰা প্ৰায় দুই দশকৰো অধিক সময় তেওঁলোকে ত্ৰিপুৰাৰ ট্ৰেনজিত কেম্পত বাস কৰি আছে।

২০০৯ চনৰ পৰা ২০১৯ চনলৈ কেন্দ্ৰীয় চৰকাৰৰ লগতে মিজোৰাম আৰু ত্ৰিপুৰা চৰকাৰেও ব্ৰু জনগোষ্ঠীয় লোকসকলক ত্ৰিপুৰাৰ পৰা মিজোৰামলৈ উভতাই আনিবলৈ প্ৰায় ৯ বাৰকৈ প্ৰচেষ্টা চলাইছিল যদিও বিফল হৈছিল। পৰৱৰ্তী সময়ত ২০২০ চনত নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, মিজোৰাম চৰকাৰ,ত্ৰিপুৰা চৰকাৰ আৰু  কেইবাটাও ব্ৰু সংগঠনে এক চুক্তিত স্বাক্ষৰ কৰিছিল। সেই চুক্তিৰ অধীনত ত্ৰিপুৰাৰ পৰা প্ৰত্যাৱৰ্তন কৰিব নিবিচৰা প্ৰায় ৩৫ হাজাৰৰো অধিক ব্ৰু জনগোষ্ঠীয় লোকক স্থায়ীভাৱে ত্ৰিপুৰাত থকাৰ অনুমতি প্ৰদান কৰে।

মিজোৰামৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল ৬ হাজাৰৰো অধিক ব্ৰু জনগোষ্ঠীয় লোকৰ নাম...
I-N-D-I-A ক লৈ সুখী নহয় নীতিশ কুমাৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in