I-N-D-I-A ক লৈ সুখী নহয় নীতিশ কুমাৰ

I-N-D-I-A ক লৈ সুখী নহয় নীতিশ কুমাৰ
I-N-D-I-A ক লৈ সুখী নহয় নীতিশ কুমাৰ
Published on
Updated on

ডিজিটেল ডেস্কঃ বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ ২৬ টা বিৰোধী দলে একলগ হোৱাৰ লক্ষ্যৰে গঠন কৰিলে বিৰোধী মৰ্চা। এই মৰ্চাৰ নমা দিলে- INDIA. যাৰ অৰ্থ ইণ্ডিয়ান নেশ্যনেল ডেভলপমেন্ট ইনক্লুচিভ এলায়েন্স। অৱশ্যে এই নামটোত গৰিষ্ঠ সংখ্যনেতাই সমৰ্থন জনালেও এতিয়াও ঐকমত্যত উপনীত হোৱা নাই।

খবৰ অনুসৰি বিৰোধী মৰ্চাৰ নাম ইণ্ডিয়া দিয়াৰ বিৰোধিতা কৰিছিল নীতিশ কুমাৰে। নামটো ইংৰাজী আৰু ইয়াৰ অৰ্থক লৈ আপত্তি দৰ্শাইছিল নীতিশ কুমাৰে।

বিৰোধী মৰ্চাৰ নাম ইণ্ডিয়া ৰখাৰ কৃতিত্ব উদ্ধৱ ঠাকৰে, মমতা বেনাৰ্জী আৰু আনকি ৰাহুল গান্ধীকো দিয়া হৈছে। অৱশ্যে নামটোৰ বাবে সকলো বিৰোধী নেতাৰ পৰা পৰামৰ্শ বিচৰা হৈছিল। বিশেষকৈ মমতা বেনাৰ্জীয়ে নামটোৰ প্ৰস্তাৱ দিছিল।

উল্লেখ্য যে, বিৰোধী একত্ৰিত হোৱাত নীতিশ কুমাৰৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেনে ক্ষেত্ৰত কংগ্ৰেছে বিৰোধী মৰ্চাত যিদৰে হাইজেক কৰিলে তাক লৈ জেডেইউ, আৰজেডিৰ নেতা সকলৰ মাজত অসন্তুষ্টি দেখা গৈছে।

কেৱল ইমানেই নহয়, মঙলবাৰৰ বৈঠকৰ পাছত সংবাদ মেল সম্বোধন কৰাৰ সময়ত উপস্থিত নাছিল নীতিশ কুমাৰ, তেজস্বী যাদৱ। এই ক্ষেত্ৰত বিজেপিয়ে দাবী কৰিছে যে, নীতিশে বেয়া পাই বেংগালুৰৰ পৰা গৈছে। আনহাতে বিৰোধীয়ে কৈছে যে তেওঁলোকৰৰ বিমানৰ সময় হৈছিল বাবেহে গৈছে।

বিৰোধী দলৰ পৰৱৰ্তী বৈঠক মুম্বাইত হোৱাৰ সম্ভাৱণা আছে। এই বৈঠকতে সিদ্ধান্ত লোৱাৰ সম্ভাৱণা আছে কোন হ'ব পাৰে বিৰোধী দলৰ মুখ।

I-N-D-I-A ক লৈ সুখী নহয় নীতিশ কুমাৰ
বাংলাদেশৰ পৰা আহি বিয়া পাতি স্বামীক নিলে নিজ দেশলৈ, এতিয়া প্ৰেৰণ অজয়ৰ ৰক্তাক্ত ফটো...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in