মেঘালয়ৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত ৫৬টা গৰু জব্দ

মেঘালয়ৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত ৫৬টা গৰু জব্দ

author-image
Asomiya Pratidin
New Update
মেঘালয়ৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত ৫৬টা গৰু জব্দ

ডিজিটেল সংবাদ, শিলচৰঃ শুকুৰবাৰে ১৭২ বিএন বিএছএফৰ জোৱানে যোৱা ৪৮ ঘণ্টাত মেঘালয়ৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ৫৬টা গৰু উদ্ধাৰ কৰে। পূব জয়ন্তীয়া পাহাৰৰ সীমান্তৱৰ্তী অঞ্চলৰ মাজেৰে বাংলাদেশলৈ চোৰাংভাৱে সৰবৰাহ কৰিবলৈ নিয়া হৈছিল গৰু কেইটা।

Advertisment

প্ৰাপ্ত তথ্যৰ ভিত্তিত পূব জয়ন্তীয়া পাহাৰৰ সোণাপুৰ দলঙত নিয়োজিত বি এছ এফৰ জোৱানে এখন বাহন আটক কৰে। বি এছ এফ দলে গাড়ীখন ৰখাবলৈ সংকেত দিয়ে যদিও তাৰ পৰিৱৰ্তে চালকে গাড়ীখন উমকিয়াং অঞ্চলৰ ফালে গতি কৰে। পৰৱৰ্তীসময়ত বি এছ এফ দলে খেদি গৈ গৰু ভৰ্তি বাহনখন জব্দ কৰিবলৈ সক্ষম হয়। কিন্তু পথৰ কাষৰ ঘন হাবি আৰু আন্ধাৰৰ সুযোগ লৈ চালকজনে সেই স্থানৰ পৰা পলায়ন কৰে।

বি এছ এফ দলটোৱে ৩৫টা গৰু জব্দ কৰে। জব্দ কৰা গৰু আৰু বাহনখন আইনী ব্যৱস্থাৰ বাবে উমকিয়াঙ আৰক্ষী চকীত গতাই দিয়া হয়। আন এটা অভিযানত ১৭২ বিএন বিএছএফ মেঘালয়ৰ জোৱানে বাংলাদেশ সীমান্তৰ ওচৰৰ জংঘলত লুকুৱাই ৰখা ২১টা গৰু জব্দ কৰিবলৈ সক্ষম হয়।

Also Read: চকুমুদা কুলিৰ ভাৱত জনপ্ৰতিনিধি : ক্ষোভিত ৰাইজৰ ভোট বৰ্জনৰ সিদ্ধান্ত

cow seized