চকুমুদা কুলিৰ ভাৱত জনপ্ৰতিনিধি : ক্ষোভিত ৰাইজৰ ভোট বৰ্জনৰ সিদ্ধান্ত

চকুমুদা কুলিৰ ভাৱত জনপ্ৰতিনিধি : ক্ষোভিত ৰাইজৰ ভোট বৰ্জনৰ সিদ্ধান্ত

ডিজিটেল  সংবাদ,ঢকুৱাখনা: ৰজাঘৰীয়াৰ পৃষ্ঠপোষকতাত বিগত কেইবা দশক ধৰি এখন বিপদজনক দলংৰ জৰিয়তে মৰণত শৰণ দি যাতায়ত কৰি আহিছে ঢকুৱাখনাবাসী ৰাইজে। স্বাধীনতাৰ অমৃত কালৰ উন্নয়নৰ উলংগ স্বৰূপ উদঙাই দিয়া জীৱন্ত মৰণফাণ্ড সদৃশ এই দলংখন ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা আৰু ঘিলামৰা সংযোগী একমাত্ৰ চমু লোকনিৰ্মান পথৰ কঢ়া নদীৰ ওপৰত অৱস্থিত। ঢকুৱাখনা মহকুমাৰ উত্তৰ ঢকুৱাখনা আৰু দেউলিয়া পঞ্চায়ত সংযোগ কৰা আমগুৰি ঘাট হৈ আখৈফুটীয়াৰে ঘিলামৰাত কম সময়তে উপস্থিত হ'ব পৰা লোকনিৰ্মান পথৰ দুৰৱস্থাই তথাকথিত অমৃত কালৰ নগ্ন স্বৰূপ নির্লজ ভাবে উদঙাই দিয়াৰ লগতে উদঙাই দিছে আধুনিক ঢকুৱাখনাৰ নির্মাতা বুলি জাহিৰ কৰি অহা বিধায়ক নৱ দলেৰ বিফলতাক।

প্ৰায় ১০ খন গাঁওৰ ৰাইজে  দৈনিক যাতায়ত কৰা এই পথটোৰ কঢ়া নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ বাবে বিধায়ক নৱ দলে, সাংসদ প্ৰদান বৰুৱাক মহেমাৰী, জামুগুৰি, শিঙিয়া, চাকুলি, আখৈফুটীয়া, পুৰণা গোবিন্দপুৰ, বলাহি আদি গাঁওৰ ৰাইজে বাৰম্বাৰ দাবী জনায় আহিছে। ঢকুৱাখনা, ঘিলামৰাৰ, শিক্ষার্থী, চহা কৃষিজীৱী আৰু চাকৰিজীৱীৰ উমৈহতীয়া মেৰুদণ্ড স্বৰূপ এই পথৰ আমগুৰি ঘাট দলংখন পকী কৰাৰ বাবে ৰাইজে জনাই অহা দাবীৰ প্ৰতি বিধায়ক নৱ দলে কিম্বা সাংসদ প্ৰদান বৰুৱাই কৰ্ণপাত নকৰিলে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। পৰিণতিত এনে সীমাহীন দুৰ্দশা আৰু বিপদ সংকুলতাৰ মাজেৰে এনেদৰে যাতায়ত অব্যাহত ৰাখি আহিছে জনসাধাৰণে।

অঞ্চলবাসী ৰাইজে এনেবোৰ ভণ্ড জনপ্ৰতিনিধিৰ নির্লজ কাণ্ডজ্ঞানহীনতাৰ বিপৰীতে এটা দশক ধৰি নিজেই শ্ৰমদান কৰি নিজৰ বনজ সম্পদেৰে নিৰ্মান কৰিছে এখন বাঁহৰ দলং। ৰাইজ নিৰ্মিত বাঁহৰ দলঙেৰে এনেবোৰ অন্ধ জনপ্ৰতিনিধি পাৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই। অথচ এই পৰ্যন্ত এই কৌটিকলিয়া জটিল সমস্যাটোৰ স্থায়ী সমাধানৰ পথ বিচাৰি উলিওৱা নাই।

কেৱল নিৰ্বাচনৰ সময়ত এখন দলং দিয়াৰ প্ৰলোভন দি ভোটাৰক আকৰ্ষিত কৰি নৱ দলে, প্ৰদান বৰুৱা আৰু ঘিলামৰা জিলা পৰিষদৰ সদস্যা মঞ্জু বৰগোঁহাইহঁতৰ ধৃতৰাষ্ট্রৰ ভূমিকাত অতিষ্ঠ ভুক্তভোগী ৰাইজ। বাৰিষা নাও আৰু খৰালি জৰাজীৰ্ণ বাঁহৰ দলঙেৰে ভয়ানক জীৱনযাত্ৰা অব্যাহত ৰখা এনেবোৰ অঞ্চলৰ ৰাইজৰ জীৱন সম্পত্তিৰ মূল্য দিব নোখোজা ভণ্ড ৰাজনীতিকৰ বিৰুদ্ধে ক্ষোভিত হৈ নিৰ্বাচন বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে অঞ্চলটোৰ ৰাইজে।

চকুমুদা কুলিৰ ভাৱত জনপ্ৰতিনিধি : ক্ষোভিত ৰাইজৰ ভোট বৰ্জনৰ সিদ্ধান্ত
মহাৰণৰ পূৰ্বে ফিল্ডিং শক্তিশালী কৰাৰ লক্ষ্য পাকিস্তানৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in