অৰুণাচলত ভূমিস্খলনত থিতাতে নিহত অসমৰ ৪ জন লোক

অৰুণাচলত ভূমিস্খলনত থিতাতে নিহত অসমৰ ৪ জন লোক

ডিজিটেল সংবাদ, কোকৰাঝাৰ: 'আদিবাসী কোব্ৰা মিলিটেণ্ট অৱ আছাম' চমুকৈ আকমাৰ প্ৰতিষ্ঠাপক সভাপতি তথা ৰাষ্ট্ৰীয়পৰ্যায়ৰ খ্ৰীষ্টান ধৰ্মজাজক পাষ্টৰ ৰেভাৰেণ্ড খ্ৰিষ্টফাৰ হেমব্ৰম ওৰফে ডাউঠুৱে শুকুৰবাৰে নিশা অৰুণাচলত সংঘটিত হোৱা এক ভূমিস্খলনৰ ঘটনাত কৰুণ মৃত্যুক আঁকোৱালি লয় । তেওঁৰ সৈতে একেখন গাড়ীতে থকা আন ৩ সহযোগী ক্ৰমে লক্ষ্মীনাথ কিস্কু, অভিজিৎ হেমব্ৰম, নিৰ্মল হেমব্ৰম আৰু লক্ষ্মীনাথ কিস্কুৰো এই ভূমিস্খলনৰ ফলত মৃত্যু হয়।

প্ৰাপ্ত বাতৰি মতে, অৰুণাচলৰ কামেং জিলাত ধৰ্মীয় অনুষ্ঠান সম্পন্ন কৰি পাষ্টৰ ৰেভাৰেণ্ড খ্ৰিষ্টফাৰ হেমব্ৰম গাড়ীৰে আন ৩ সহযোগীৰ সৈতে অসমলৈ উভতি আহি থাকোতে পাহাৰৰ পৰা এটা প্ৰকাণ্ড শিল তেওঁলোকৰ গাড়ীৰ ওপৰতে পৰে। প্ৰকাণ্ড শিল বাহনৰ ওপৰত পৰাত তেওঁলোকৰ বাহনখন চেপেটা হৈ পৰাৰ ফলত থিতাতে চাৰিওজন নিহত হয় । অৰুণাচলতে মৰণোত্তোৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত দেওবাৰে মৃতেদহ স্বগৃহ আহি পাব আৰু সোমবাৰে অৰ্থাৎ ২০ নৱেম্বৰত সম্পূৰ্ণ ধৰ্মীয় নীতি নিয়মেৰে মৃতকৰ শেষকৃত্য সম্পন্ন কৰা হ'ব বুলি জানিব পৰা গৈছে।

ইপিনে খ্ৰিষ্টফাৰ হেমব্ৰমৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে জন্মভূমি বালাজান তিনালী এলেকাতো শোকৰ ছাঁ পৰিছে । ১৯৯৬ চনলৈকে বালাজান তিনালীতে বসৱাস কৰা খিষ্টফাৰ হেমব্ৰমৰ মাতৃ মাইনাও টুডু গৌৰাং হাইস্কুলৰ সহ শিক্ষয়িত্ৰী আছিল । ১৯৯৬ চনত কোকৰাঝাৰত সংঘটিত হোৱা গোষ্ঠী সংঘৰ্ষৰ সময়ছোৱাতে খ্ৰিষ্টফাৰ হেমব্ৰমে সংগ্ৰামী পথত ভৰি দিয়ে আৰু ১৯৯৬ চনৰ ৭ জুলাইত আদিবাসী কোব্ৰা মিলিটেণ্ট অৱ আছাম চমুকৈ আকমা নামৰ সশস্ত্ৰ সংগঠনটোৰ জন্ম দিয়ে। তেওঁ সংগঠনটোৰ প্ৰতিষ্ঠাপক সভাপতি আছিল যদিও পিছলৈ তেওঁ সংগঠনৰ পৰা অব্যাহতি লৈ সমাজসেৱাত নামি পৰে আৰু শ্ৰীৰামপুৰতে থাকিবলৈ লয়।

খ্ৰীষ্টান ধৰ্মালম্বীৰ পুৰোহিত হিচাপে খ্ৰিষ্টফাৰ হেমব্ৰম ৰাষ্ট্ৰীয় -আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত খ্ৰীষ্টান ধৰ্মালম্বীৰ লোকৰ মাজত যথেষ্ট জনপ্ৰিয় আছিল। তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি বিধায়ক লৰেঞ্চ ইছলাৰীয়ে কয় যে খ্ৰিষ্টফাৰ হেমব্ৰমৰ মৃত্যু সমাজ জীৱনৰ বাবে এক বৃহৎ ক্ষতি। তেওঁ শান্তি আৰু আধ্যাত্মিকতাবাদৰ বাবে কাম কৰিছিল ।

মৃতকৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে বিধায়ক লৰেঞ্চ ইছলাৰীয়ে। ইপিনে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ অধ্যক্ষ অসীম হাসদা আৰু উপাধ্যক্ষ সুভাষ তিৰ্কী ওৰফে বীৰসিং মুণ্ডাই খ্ৰিষ্টফাৰ হেমব্ৰমৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ।

এক বিবৃতিত তেওঁলোকে কয় যে খিষ্টফাৰ হেমব্ৰম সদায়ে স্বজাতিৰ মঙ্গলৰ হকে কাম কৰিছিল আৰু সংগ্ৰামৰ পৰা আধ্যাত্মিকতাবাদলৈ তেওঁৰ অগাধ জ্ঞান আছিল । তেওঁৰ মৃত্যুত আদিবাসী সমাজে এগৰাকী শুভচিন্তক হেৰুৱালে বুলি মন্তব্য কৰি মৃতকৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিছে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ অধ্যক্ষ অসীম হাসদা আৰু উপাধ্যক্ষ সুভাষ তিৰ্কী ওৰফে বীৰসিং মুণ্ডাই ।

অৰুণাচলত ভূমিস্খলনত থিতাতে নিহত অসমৰ ৪ জন লোক
হাজোত ৬ মহীয়া দেৱশিশু চুৰি : আৰক্ষীৰ জালত জেঠায়েক

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in