হাজোত ৬ মহীয়া দেৱশিশু চুৰি : আৰক্ষীৰ জালত জেঠায়েক

হাজোত ৬ মহীয়া দেৱশিশু চুৰি : আৰক্ষীৰ জালত জেঠায়েক

ডিজিটেল সংবাদ, হাজোঃ হাজো মনাহকুছিৰ এটি দেৱশিশু চুৰি কৰি আৰক্ষীৰ জালত পৰিছে এগৰাকী মহিলা। উত্তৰ বঙাইগাঁৱৰ হোটেল মহামায়াৰ পৰা হাজো আৰক্ষীয়ে উদ্ধাৰ কৰিছে অপহৃত শিশুটিৰ সৈতে অপহৰণকাৰী লভিতা ডেকা নামৰ মহিলাগৰাকীক। লভিতা ডেকা সম্পৰ্কত অপহৃত ছয়মহীয়া কন্যা শিশুটিৰ জেঠায়েক।

শিশুটিৰ জন্মৰ কিছুদিন পিছতে ৰাজস্থানত বিবাহ হোৱা মাতৃৰ বিয়োগ ঘটিছিল। তাৰ পাছত হাজোৰ মনাহকুছিৰ কমাৰচুবাৰ আইতাক সবিতা ডেকাৰ‌ ঘৰতে আছিল শিশুটি। বিহাৰত বিবাহ হোৱা শিশুটিৰ জেঠায়েক লভিতা ডেকা তিনিদিন পূৰ্বে মনাহকুছিৰ মাকৰ ঘৰলৈ আহিছিল খবৰ লোৱাৰ উদ্দেশ্যে, আৰু খবৰ লবলৈ আহি শুকুৰবাৰে পুৱাৰ ভাগত সুযোগ বুজি শিশুটি লৈ পলায়ন কৰে লভিতাই।

আনহাতে, প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, আইতাকৰ ঘৰৰ সন্মুখত ঘন্টাৰ পিছত ঘন্টা ধৰি ৰৈ আছিল এখন বাহন। বাহনখনৰ ভিতৰত চালকজনৰ সৈতে আছিল আন এগৰাকী ব্যক্তি। এই ঘটনাৰ পাছতে শিশুটিৰ আইতাকে ততাতৈয়াকৈ ঘটনা সন্দৰ্ভত হাজো আৰক্ষীক অৱগত কৰে। ইফালেহাজোৰ পৰা উবেৰৰ চাৰিচকীয়া বাহখনেৰে শিশুটিক লৈ বিহাৰ অভিমুখে ৰাওনা হয় লভিতা ডেকা।

নিশাটো কটোৱাৰ উদ্দেশ্য নৰ্থ বঙাইগাঁৱৰ মহামায়া নামৰ হোটেলখনতে বাহৰ পাতে অপহৰণকাৰী মহিলা গৰাকীয়ে। কিন্তু অৱশেষতহাজো আৰক্ষীয়ে তৎপৰতাৰে ঘটনাৰ অনুসন্ধান চলাই বঙাইগাঁও আৰক্ষীৰ সহযোগত হোটেলখনৰ এটা কোঠাৰ পৰা ৰহস্যজনকভাবে নিজৰ স্বামীৰ সৈতে লভিতা ডেকাক আটক কৰিবলৈ সক্ষম আৰক্ষীয়ে।

লগতে উদ্ধাৰ কৰিবলৈ সক্ষম হয় শিশুটিক। শুকুৰবাৰে নিশাৰ ভাগতেই স্বাস্থ্য পৰীক্ষা কৰোৱাই শিশুটিৰ সৈতে অভিযুক্ত অপহৰণকাৰী স্বামী-স্ত্ৰী হালক হাজো আৰক্ষীয়ে জিম্মাত লয়। সম্প্ৰতি শিশুটিৰ অৱস্থা সুস্থিৰ বুলি জনাইছে শিশুটিৰ আইতাকে।

হাজোত ৬ মহীয়া দেৱশিশু চুৰি : আৰক্ষীৰ জালত জেঠায়েক
ড০ মানবেন্দ্ৰ ভূঞাৰ গ্ৰন্থ 'এ আৰ এণ্ড টি কোম্পানি আৰু অসমৰ ঔদ্যোগিক বিকাশ' উন্মোচন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in