কাজিৰঙাত বিলাসী ৰিজ'ৰ্ট নিৰ্মাণৰ বাবে এফালৰ পৰা ভাঙিছে কৃষকক বাসগৃহ...

সম্প্ৰতি কৰ্পৰেট টুৰিজিমে নিয়ন্ত্ৰণ কৰিছে কাজিৰঙাৰ সত্বা : সোণেশ্বৰ নৰহ
কাজিৰঙাত বিলাসী ৰিজ'ৰ্ট নিৰ্মাণৰ বাবে এফালৰ পৰা ভাঙিছে কৃষকক বাসগৃহ...
কাজিৰঙাত বিলাসী ৰিজ'ৰ্ট নিৰ্মাণৰ বাবে এফালৰ পৰা ভাঙিছে কৃষকক বাসগৃহ...

ডিজিটেল সংবাদ বোকাখাতঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বৃহৎ জৈৱ বৈচিত্ৰৰ সুৰক্ষাৰ স্বাৰ্থত গিজগিজাই থকা তথাকথিত প্ৰকৃতি সংগঠনৰ চকুৰ সন্মুখতেই এইবাৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ধ্বংস কৰিবলৈ ওলাইছে কাজিৰঙাত বন্যহস্তীৰ বিচৰনস্থলী আৰু স্থানীয় লোকৰ কৃষিভূমি। যদিও এই প্ৰকৃতি সংগঠনসমূহে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰৰ সুৰক্ষা আৰু ইয়াৰ দাঁতিকাষৰীয়া জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ অজুহাতত লাভ কৰি আহিছে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বৃহৎ পুঁজি।

তাৰপাছতো কিন্তু সেইবিলাক প্ৰকৃতি সংগঠনৰ নাকৰ তলতেই কাজিৰঙাত চলি আছে অবাধ প্ৰকৃতি আৰু বন্যজীৱকুলৰ বিচৰণ ক্ষেত্ৰৰ ধ্বংসযজ্ঞ। শেহতীয়াকৈ তেনে এক ঘটনায়েই পোহৰলৈ আহিছে কাজিৰঙাত। মন কৰিবলগীয়া যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু সমিপৰ কাৰ্বিপাহাৰৰ দাঁতিৰ ইনলে পথাৰৰ প্ৰায় ৬০ বিঘাৰো অধিক কৃষি ভূমি কাৰ্বিপহাৰৰ পৰা নামি অহা বন্যহস্তীৰ পৰম্পৰাগত হাতীঘূলিও।

ইয়াতেই নিৰ্মাণৰ যোজা চলিছে ব্যক্তিগত খণ্ডৰ "গ্ৰাণ্ড হায়াট পঞ্চতাৰকা হোটেল"ৰ। তাৰ প্ৰস্তুতি মৰ্মেই এস্কেভেটৰ দি ভাঙি দিয়া হৈছে থলুৱা কৃষকৰ বাসগৃহ। তাকে কৰিবলৈ যাওঁতে কৃষকৰ উপস্থিতিও সহ্য নকৰিলে বোকাখাত মহকুমা প্ৰশাসনে। অৰ্থাৎ কৃষকৰ অনুপস্থিতিতেই নিৰ্মমভাৱে বাসগৃহ ভাঙি দিয়াৰ অভিযোগ উত্থাপন কৰিছে হাতীখলি-ৰঙাজানৰ কৃষকসকলে।

উল্লেখযোগ্য যে, এই ভূমি অধিগ্ৰহন সন্দৰ্ভত বোকাখাত মহকুমা প্ৰসাশনে বৰ্তমানলৈকে আইন অনুসৰি যি ৰাজহুৱা শুনানিৰ ব্যৱস্থা কৰিব লাগিছিল তাকো নকৰাৰ অভিযোগ উত্থাপন কৰিছে কৃষকসকলে। আনহাতে বোকাখাত মহকুমা প্ৰশাসনে দিয়া জাননী সন্দৰ্ভত স্থানীয় কৃষকসকলে মহকুমা প্ৰশাসনক সাক্ষাৎ কৰিবলৈ যাওঁতেও এক কৌশলীস্থিতিহে গ্ৰহন কৰি আহিছে বোকাখাত মহকুমা প্ৰশাসনে।

উল্লেখযোগ্য উক্ত ইনলে পথাৰৰ বিস্তিৰ্ণ কৃষিপথাৰত বন্যহস্তীৰ লগত সহাৱস্থান কৰি হাতীখলি-ৰঙাজানৰ কৃষকসকলৰ ৪৫ টাৰো অধিক পৰিয়ালৰ প্ৰজন্মৰ পাছত প্ৰজন্মই কৰি আহিছে কৃষিকাৰ্য। তাৰোপৰি ই কৰ্বিপাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ বিচৰণস্থলী হিছাপে পৰিচিত। গতিকে এই ইনলে পথাৰত বিলাসী "গ্ৰাণ্ড হায়াট পঞ্চতাৰকা হোটেল"

নিৰ্মানৰ লগে লগেই হাতীখলি-ৰঙাজানৰ কৃষকসকলে হেৰুৱাব পৈত্ৰিক ভূমিৰ অধিকাৰ আৰু বন্যহস্তীকূলে হেৰুৱাব পৰম্পৰাগত বিচৰণস্থলী। তেনে প্ৰেক্ষাপটত এই লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জীপাল কৃষক শ্ৰমিক সংঘৰ উপদেষ্টা সোনেশ্বৰ নৰহে আৰু মুখপাত্ৰ প্ৰবীন পেগুয়ে।

কাজিৰঙাত বাহৰ পাতি বন্যজীৱৰ সুৰক্ষাৰ লগতে দাঁতিকাষৰীয়া জনসাধাৰণৰ জীৱন-জীৱিকাৰ নিৰাপত্তাৰ কথা কোৱা তথাকথিত প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যক, WWF, কৰবেট ফাউণ্ডেছনক তীব্ৰ সমালোচনা কৰি জীপালৰ উপদেষ্টাগৰাকীয়ে কয় যে, হাতীৰ পৰম্পৰাগত বিচৰণস্থলি আৰু কৃষকৰ কৃষি ভূমি চৰকাৰে বলপূৰ্বক হস্তগত কৰি বিলাসী পঞ্চতাৰকা হোটেল কৰ্তৃপক্ষক প্ৰদান কৰিবলৈ লোৱাৰ সময়ত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পুঁজি ব্যৱহাৰ কৰি কাজিৰঙাত কাম কৰি থকা একান্তই প্ৰকৃতিৰ নামত পঞ্জীয়নভুক্ত NGO সকল ক'লৈ গ'ল? বাতানুকুল গৃহত বহি হাতী মানুহৰ সংঘাটৰ চেমিনাৰ পাতি ৰাইজক শিক্ষা দিবলৈ তেওঁলোকৰ অধিকাৰ আছেনে?

আনহাতে চৰকাৰৰ emplimenting agency হিচাপে কাম কৰি থকা আৰণ্যক আৰু বিভব কুমাৰ তালুকদাৰ এতিয়া ক'ত আছে বুলিও প্ৰশ্ন কৰে কৃষক নেতাগৰাকীয়ে। লগতে হাতীঘূলী থকা পথাৰখন বলপূৰ্বক দখল কৰিবলৈ যাওঁতে তেওঁলোকে বৰ্তমানলৈকে কোনো PIL (A Public Interest Litigation) দাখিল নকৰাক লৈও প্ৰশ্ন উত্থাপন কৰে জীপালৰ উপদেষ্টাগৰাকীয়ে।

ইফালে আৰণ্যক, WWF, কৰবেট ফাউণ্ডেছনকে আদি কৰি কাজিৰঙাত কাম কৰি থকা সকলো NGOক PIL(A Public Interest Litigation) ৰ যোগেদি উক্ত কৃষিভূমি আৰু হস্তী বিচৰণথলিত চৰকাৰে কৰা বলপূৰ্বক হস্তক্ষেপক বন্ধ কৰিবলৈ দাবী জনাই কৃষক নেতাগৰাকীয়ে অন্যথা তেওঁলোকৰ বিৰুদ্ধেও সোচ্চাৰ হ'ব জীপাল কৃষক শ্ৰমিক সংঘ বুলি সকিয়াই দিয়ে কৃষক নেতাগৰাকীয়ে।

কাজিৰঙাত বিলাসী ৰিজ'ৰ্ট নিৰ্মাণৰ বাবে এফালৰ পৰা ভাঙিছে কৃষকক বাসগৃহ...
বলিউডৰ নীৰৱতাত কংগনাৰ ক্ষোভঃ CISF ৰ জোৱানৰ সমৰ্থনত কৃষক সংগঠন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in