আজি মণিপুৰলৈ আহিব I.N.D.I.Aৰ ২০ গৰাকী সাংসদ

আজি মণিপুৰলৈ আহিব I.N.D.I.Aৰ ২০ গৰাকী সাংসদ

author-image
Asomiya Pratidin
New Update
আজি মণিপুৰলৈ আহিব I.N.D.I.Aৰ ২০ গৰাকী সাংসদ

ডিজিটেল ডেস্ক : মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ বুজ ল'বলৈ আহিব I.N.D.I.Aৰ ২০ গৰাকী সাংসদ। এইসকল বিৰোধী সাংসদে ৰাজ্যখনত দুদিনকৈ বাহৰ পাতিব। শনিবাৰে বিৰোধী দলৰ ২০ গৰাকী সাংসদে অশান্ত মণিপুৰৰ বৰ্তমান পৰিস্থিতি সন্দৰ্ভত বুজ লোৱাৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যখনলৈ আহিব।

Advertisment

মণিপুৰত শান্তি স্থাপনৰ বাবে গ্ৰহণ কৰিবগলীয়া ব্যৱস্থাৱলীৰ বিষয়ে বিৰোধী গোটৰ ২০ সাংসদে কেন্দ্ৰীয় চৰকাৰ আৰু সংসদক পৰামৰ্শ আগবঢ়াব। বিৰোধী দলৰ প্ৰতিনিধি হিচাপে ৰাজ্যখনলৈ আহিব কংগ্ৰেছৰ গৌৰৱ গগৈ,অধীৰঞ্জন চৌধুৰী,তৃণমূল কংগ্ৰেছৰ সুস্মিতা দেৱ,জে এম এমৰ মহুৱা মাঝি,ডিএম কেৰ কানিমোঝি,এন চি পিৰ মহম্মদ ফইজল,আৰ এল ডিৰ জয়ন্ত চৌধুৰীকে ধৰি আপ,শিৱসেনা আদি মহাজোঁটৰ ২০ গৰাকী সাংসদ ৰাজ্যখনলৈ আহিব।

এই ভ্ৰমণকালত সাংসদসকলে ৰাজ্যখনৰ জনসাধাৰণ তথা দল-সংগঠনৰে বিভিন্ন আলোচনাত মিলিত হ'ব। ইফালে মণিপুৰৰ ৰাজ্যপালকো সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে।

Also Read: মণিপুৰৰ ননেই জিলাত এন এছ চি এন-আই এমৰ দুজন কেডাৰক গুলীয়াই হত্যা

manipur