অসম-নাগালেণ্ড সীমান্তত আতংক : নগা দুৰ্বিত্তৰ গুলীত আহত দুজন

অসম-নাগালেণ্ড সীমান্তত আতংক : নগা দুৰ্বিত্তৰ গুলীত আহত দুজন

author-image
Asomiya Pratidin
New Update
অসম-নাগালেণ্ড সীমান্তত আতংক : নগা দুৰ্বিত্তৰ গুলীত আহত দুজন

ডিজিটেল ডেস্কঃ শান্ত হোৱা নাই অসম আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চল। দেওবাৰে নিশা পুনৰ নগা দুৰ্বিত্তই আক্ৰমণ কৰে অসম-নাগালেণ্ড সীমান্তৰ সোণাৰি অঞ্চলত। নগা দুৰ্বিত্তৰ গুলীচালনাত আহত হয় সোণৰিৰ কানুবাৰী চাহ বাগিচাৰ দুজন চাহ শ্ৰমিক।

আহত শ্ৰমিক দুজন দণ্ডু মাহালী আৰু সুৰজ মুণ্ডা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, অসম আৰু নাগালেণ্ড চৰকাৰৰ মাজত সীমা বিবাদ সম্পৰ্কে আলোচনা চলি থকাৰ সময়তে নগা দুৰ্বিত্তই কৰা এনে আক্ৰমণৰ ফলত এতিয়া সমগ্ৰ অঞ্চলটোতে স্বাঞ্চল্যৰ সৃষ্টি হৈছে।

Also Read: গুৱাহাটীৰ ৩৬৬টা অঞ্চলত ভূমিস্খলনৰ সম্ভাৱণা: প্ৰশাসনে জাৰি কৰিছে তথ্য...

border conflict