Advertisment

গুৱাহাটীৰ ৩৬৬টা অঞ্চলত ভূমিস্খলনৰ সম্ভাৱণা: প্ৰশাসনে জাৰি কৰিছে তথ্য...

গুৱাহাটীৰ ৩৬৬টা অঞ্চলত ভূমিস্খলনৰ সম্ভাৱণা: প্ৰশাসনে জাৰি কৰিছে তথ্য...

author-image
Asomiya Pratidin
New Update
গুৱাহাটীৰ ৩৬৬টা অঞ্চলত ভূমিস্খলনৰ সম্ভাৱণা: প্ৰশাসনে জাৰি কৰিছে তথ্য...

ডিজিটেল ডেস্কঃ বিগত সময়ত গুৱাহাটীৰ কেইবাটাও স্থানত ভূমিস্খলন হোৱাৰ পিছতে সোমবাৰে মহানগৰ প্ৰশাসনে প্ৰকাশ কৰিছে এক ভয়ংকৰ তথ্য। মহানগৰ প্ৰশাসনে প্ৰকাশ কৰা তথ্য অনুসৰি গুৱাহাটী মহানগৰীৰ ৩৬৬ টা স্থান ভূমিস্খলন প্ৰৱণ এলেকা ৰূপে চিনাক্ত কৰা হৈছে। ইয়াকে লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে গুৱাহাটী পৌৰ নিগম। ভূমিস্খলন প্ৰৱণ এলেকাৰ লোকসকলক সজাগ আৰু সাৱধান হোৱাৰ বাবে আহ্বান জনাই গুৱাহাটী পৌৰ নিগমে।

Advertisment

জানিব পৰা মতে, কাহিলীপাৰাৰ ২৫টা, নৰকাসুৰ পাহাৰৰ ১৪টা, চূণচালি পাহাৰৰ ৭৭টা, নুনমাটিৰ ৪০ টা, খাৰঘুলিৰ ৩৭টা আৰু খানাপাৰাৰ ৩৩টা অঞ্চল স্পৰ্শকাতৰ এলেকা হিচাপে চিনাক্ত কৰিছে মহানগৰ প্ৰশাসনে। আনহাতে নাৰেংগীৰ ৩১টা আৰু হেঙেৰাবাৰীৰ ৩০টা অঞ্চল ভূমিস্খলন প্ৰৱণ এলেকাৰূপে চিনাক্ত কৰা হৈছে।

খানাপাৰা আৰু খাৰঘুলিৰ কেইবাটাও অঞ্চলত ভূমিস্খলন হোৱাৰ অধিক আশংকা আছে বুলি প্ৰশাসনে প্ৰকাশ কৰিছে। সোমবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ভূমিস্খলন প্ৰৱণ এলেকাৰ লোকসকলক ঘৰ এৰি নিৰাপদ স্থানলৈ যোৱাৰ বাবে আহ্বান কৰাৰ লগতে সেই অঞ্চলৰ লোকসকলৰ বাবে শিবিৰৰ ব্যৱস্থা কৰা বুলিও সাংবাদিকৰ আগত জনায়।

Also Read: ভাল খবৰ, শুকুৰবাৰে অসমলৈ ঘূৰাই অনা হ’ব ক’টাত আবদ্ধ হৈ থকা ১০০ ছাত্ৰ-ছাত্ৰীক, VIDEO

Kamrup metro Administration