/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/d6fe6bed-3bc9-4330-8aa6-f4f54ad0179d/MEGHALAYA_17.jpg)
মেঘালয়ৰ বাংলাদেশ সীমান্তত জব্দ ১৯ হাজাৰ কেজি চোৰাং চেনি...
ডিজিটেল সংবাদ শিলচৰঃ চোৰাং সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই বিএছ এফ আৰু মেঘালয় আৰক্ষীয়ে মেঘালয়ৰ বাংলাদেশ সীমান্তত বিপুল পৰিমাণৰ চোৰাং চেনি জব্দ কৰে । গোপন তথ্যৰ ভিত্তিত সোমবাৰে দক্ষিণ গাৰো পাহাৰ জিলাৰ ৰংৰা সীমান্তৱৰ্তী অঞ্চলত বিএছএফ আৰু মেঘালয় আৰক্ষীয়ে যুটীয়া অভিযান চলাই জব্দ কৰে চেনিখিনি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/d04d4905-aeb2-4019-8f53-18276e9165f6/11041343-fe78-474f-82f0-5474b25ec5ca.jpg)
বিএছ এফৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, মেঘালয় আৰক্ষীৰ সহযোগত বিএছএফৰ ২০০ নম্বৰ বেটেলিয়নৰ এটা দলে ভাৰত-বাংলাদেশ সীমান্তৰ ৰংৰা এলেকাত অভিযান চলাই এটা পৰিত্যক্ত ঘৰৰৰ পৰা ১৯ হাজাৰ কেজিতকৈও অধিক চেনি উদ্ধাৰ কৰে। বাংলাদেশলৈ চোৰাংভাবে সৰবৰাহ কৰাৰ বাবে চেনিখিনি ঘৰটোত মজুত কৰি ৰাখিছিল চোৰাং ব্যৱসায়ীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/fb5e216b-5d3f-453e-9ca5-2f70f929e17a/8ba728e7-1362-49ab-85b0-6b135c337bad.jpg)
জব্দ কৰা চেনিখিনিৰ মূল্য দহ লক্ষাধিক টকা হ'ব বুলি অনুমান কৰা হৈছে। চেনি জব্দ কৰা হলেও কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই অভিযান কাৰী দলটোৱে। পিচত জব্দ কৰা চেনিখিনি স্থানীয় ৰংৰা থানাত গতাই দিয়া হয়।
Also Read: ৪ অভাৰ বল কৰি এটাও ৰাণ নিদিয়াকৈ ৩ উইকেটঃ লকি ফাৰ্গুছনৰ অনন্য অভিলেখ