ত্ৰিপুৰাত ১৫০ কেজি গাঞ্জা জব্দ

গাঞ্জা জব্দ কৰিছে যদিও এই সংক্ৰান্তত কোনো লোকক আটক কৰা হোৱা নাই। জব্দ কৰা গাঞ্জা খিনিৰ মুল্য প্ৰায় ২২ লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে। পিছত গাঞ্জা খিনি কাষ্টম বিভাগে চমজি লয়।

author-image
Asomiya Pratidin
New Update
ত্ৰিপুৰাত ১৫০ কেজি গাঞ্জা জব্দ

ডিজিটেল সংবাদ, শিলচৰঃ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত পুনৰ বুজন পৰিমাণৰ গাঞ্জা জব্দ কৰিছে। বিএছএফ আৰু কাষ্টম বিভাগে যৌথ অভিযান চলাই পশ্চিম ত্ৰিপুৰা জিলাৰ পৰা জব্দ কৰিছে ১৫০ কেজি গাঞ্জা। বিএছএফৰ ত্ৰিপুৰা ফ্ৰন্টিয়াৰৰ ১১৯ নম্বৰ বেটেলিয়ন আৰু আগৰতলা কাষ্টম বিভাগৰ যৌথ অভিযানত জব্দ কৰা হয় গাঞ্জাখিনি।

Advertisment

বিএছএফৰ এক সুত্ৰই জানিবলৈ দিয়া মতে, গোপন তথ্যৰ ভিত্তিত বাংলাদেশ সীমান্তৰ ৰাণী বজাৰ এলেকাৰ ললিত বজাৰৰ ঘন জংঘলত অভিযান চলাই জব্দ কৰা হয় গাঞ্জাখিনি। ললিত বজাৰ এলেকাৰ জংঘলত লুকুৱাই থোৱা অৱস্থাত গাঞ্জা খিনি জব্দ কৰা হয়।

গোপনে বাংলাদেশলৈ সৰবৰাহৰ বাবে গাঞ্জা খিনি লুকুৱাই ৰখা হৈছিল বুলি সন্দেহ কৰা হৈছে। গাঞ্জা জব্দ কৰিছে যদিও এই সংক্ৰান্তত কোনো লোকক আটক কৰা হোৱা নাই। জব্দ কৰা গাঞ্জা খিনিৰ মুল্য প্ৰায় ২২ লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে। পিছত গাঞ্জা খিনি কাষ্টম বিভাগে চমজি লয়।

Also Read: কামপুৰ পঞ্চায়তৰ প্ৰাক্তন সদস্যাৰ বিয়োগ

BSF tripura Customs Department of India north east