/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/b56c47f3-38dc-4a4a-9afb-30ce63a8d499/12.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰৰ নিজ কামপুৰ পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সদস্যা জয়া দেৱী (৫৮)ৰ বুধবাৰে সন্ধিয়া আকস্মিক বিয়োগ হোৱাত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে । প্ৰয়াত জয়া দেৱী বৃহত্তৰ কামপুৰ অঞ্চলৰ বিভিন্ন ধৰ্মীয় তথা সামাজিক কাম-কাজত ওতঃপ্ৰোত ভাৱে জড়িত আছিল।
পঞ্চায়ত প্ৰতিনিধি হৈ থকাৰ সময়চোৱাত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰা প্ৰয়াত জয়া দেৱীৰ বিয়োগৰ খবৰ পোৱাৰ পিছতে অনেক গুণমুগ্ধ তেওঁৰ বাসগৃহত উপস্থিত হৈ নশ্বৰদেহত শেষ শ্ৰদ্ধা নিবেদন কৰে ।
সৰবৰহী মহিলা গৰাকীৰ বিয়োগত নিজ কামপুৰ পঞ্চায়তৰ সভাপতি নিৰঞ্জন বৰা, কামপুৰ প্ৰেছ ক্লাব, প্ৰাক্তন ছাত্র সমন্বয়ৰক্ষী সমিতি, আৰোহন গোষ্ঠী, ৰামধেনু গোষ্ঠীৰ লগতে বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰে । মৃত্যুৰ সময়ত প্ৰয়াত জয়া দেৱীয়ে স্বামীসহ এজন পুত্ৰ, এগৰাকী কন্যা আৰু যথেষ্ট আত্মীয় স্বজন ইহ্ সংসাৰত এৰি থৈ গৈছে ।
Also Read: নগাঁৱত আন্তঃজিলা ছিনিয়ৰ পুৰুষ হকীৰ সামৰণি