অমিত শ্বাহৰ আহ্বানৰ প্ৰতি সঁহাৰিঃ লুটি নিয়া ১৪০ টাকৈ অস্ত্ৰ-শস্ত্ৰ ঘূৰাই দিলে দুৰ্বৃত্তই, শিথিল কাৰ্ফিউ...

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মণিপুৰত একাংশই আৰক্ষীক অস্ত্ৰ-শস্ত্ৰ সমৰ্পন কৰাৰ খবৰ আহি পৰিছে।

author-image
Asomiya Pratidin
New Update
অমিত শ্বাহৰ আহ্বানৰ প্ৰতি সঁহাৰিঃ লুটি নিয়া ১৪০ টাকৈ অস্ত্ৰ-শস্ত্ৰ ঘূৰাই দিলে দুৰ্বৃত্তই, শিথিল কাৰ্ফিউ...

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মণিপুৰত একাংশই আৰক্ষীক অস্ত্ৰ-শস্ত্ৰ সমৰ্পন কৰাৰ খবৰ আহি পৰিছে। মণিপুৰৰ হিংসাত্মক ঘটনাৰ সময়ত একাংশ দুৰ্বৃত্তই নিৰাপত্তাৰক্ষীৰ পৰা লুটি নিছিল অস্ত্ৰ-শস্ত্ৰ। লুটি নিয়া প্ৰায় ১৪০ টাকৈ অস্ত্ৰ শুকুৰবাৰে ঘূৰাই দিলে দুৰ্বৃত্তই।

Advertisment

উল্লেখ্য যে, মণিপুৰত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ সময়ত বহুলোকে প্ৰাণ হেৰুওৱাৰ লগতে আহত হৈছিল বহুতো। প্ৰায় অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হৈছিল। তাৰপাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৪ দিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হৈছিল মণিপুৰত।

এই সময়চোৱাত তেওঁ বিভিন্ন সংগঠনৰ লগত বৈঠকত মিলিত হৈছিল। লগতে ১০ লাখ টকা (ৰাজ্যই বহন কৰিবলগীয়া পাঁচ লাখ টকা আৰু কেন্দ্ৰীয় অংশীদাৰিত্ব হিচাপে ৫ লাখ টকা)কৈ ক্ষতিপূৰণৰ পৰিমাণ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল। ইয়াৰোপৰি মৃত ব্যক্তিসকলৰ পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰাৰ কথা কৈছিল।

শ্বাহৰ ভ্ৰমণৰ পাছতেই গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰলৈ ক্ৰমান্বয়ে শান্তি ঘূৰি আহিছে। ৰাজ্যখনৰ ৫ খন জিলাৰ পৰা আজি কাৰ্ফিউ শিথিল কৰাৰ লগতে অন্য জিলাত কিছু সময়ৰ বাবে সকাহ দিয়া পৰিলক্ষিত হয়।

Also Read: মণিপুৰত আৰ্তজনৰ কাষত গৃহমন্ত্ৰী অমিত শ্বাহ...

manipur amit shah