নৰেন্দ্ৰ মোডীৰ বিকল্প হ'ব নোৱাৰে গান্ধি পৰিয়াল ! দুই সফল মুখ্যমন্ত্ৰীৰ এজন হ'ব বিকল্প....

নৰেন্দ্ৰ মোডীৰ বিকল্প হ'ব নোৱাৰে গান্ধি পৰিয়াল ! দুই সফল মুখ্যমন্ত্ৰীৰ এজন হ'ব বিকল্প....
নৰেন্দ্ৰ মোডীৰ বিকল্প হ'ব নোৱাৰে গান্ধি পৰিয়াল ! দুই সফল মুখ্যমন্ত্ৰীৰ এজন হ'ব বিকল্প....

ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোডীৰ বিকল্প কোন? এই প্ৰশ্ন দীৰ্ঘদিন ধৰি উত্থাপন হৈ আহিছে যদিও ইয়াৰ কোনো সঠিক উত্তৰ আজিলৈকে দিব পৰা নাই বিৰোধী পক্ষই।

গান্ধি পৰিয়ালৰ কোনো সদস্যকে যে, আজিৰ তাৰিখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিকল্প হিচাপে দেশবাসীয়ে মানি নলয় সেই কথা ইতিমধ্যে প্ৰমাণ হৈছে।যাৰ বাবে এতিয়া ঐক্যবদ্ধ বিৰোধীয়ে মোডীৰ বিকল্প হিচাপে সমগ্ৰ দেশতে গ্ৰহণযোগ্য এজন নেতাৰ সন্ধানত নামি পৰিছে।

সমাগত দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচন। ২০২৪ত অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈছে শাসক বিৰোধী। তাৰ মাজতে সকলো বিৰোধী ঐক্যবদ্ধ হৈ বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ একাংশ বিৰোধী দলৰ নেতৃত্বত মিত্ৰজোঁট গঠনৰ প্ৰচেষ্টা অব্যাহত আছে।

বিগত লোকসভাৰ নিৰ্বাচনৰ সময়ত অবিজেপি আৰু অকংগ্ৰেছী ফেডাৰেল ফ্ৰণ্ট গঠনৰ প্ৰচেষ্টা চলোৱা তেতিয়াৰ টি আৰ এছ আৰু এতিয়াৰ বি আৰ এছে এতিয়া নিজৰ স্থিতি সলনি কৰি ঐক্যবদ্ধ বিৰোধীৰ পক্ষে অৱস্থান কৰিছে।শত্ৰুতা পাহৰি কংগ্ৰেছকো বিৰোধী মিত্ৰজোঁটৰ অংশ কৰিবলৈ মানি লৈছে।

বি আৰ এছে ঐক্যবদ্ধ বিৰোধীৰ কথা কৈছে যদিও, কংগ্ৰেছক ইয়াৰ অংশ হিচাপে লোৱাৰ বিষয়টো মানি লৈছে যদিও গান্ধী পৰিয়ালৰ কোনো এজন সদস্যকে সেই মিত্ৰজোঁটৰ নেতা হিচাপে মানি ল’বলৈ বিচৰা নাই। বি আৰ এছৰ মতে যদিহে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াত সফল হয় তেন্তে ৰাহুল গান্ধীৰ কোনো প্ৰয়োজনিয়তা নাথাকিব।

মন কৰিবলগীয়া যে, সৰ্বভাৰতীয় স্তৰত বৃহৎ ভূমিকা পালন কৰিবলৈ তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে দলৰ নাম সলনি কৰিছিল। বিভিন্ন ৰাজ্যত দলটোৱে ৰাজনৈতিক কাৰ্যসূচীও গ্ৰহণ কৰিছিল।

নিজ ৰাজ্যত দলটোৰ প্ৰধান শত্ৰু হৈছে কংগ্ৰেছ। কিন্তু আঞ্চলিক ৰাজনৈতিক দলৰ ওপৰত বিজেপি চৰকাৰ তথা বিজেপি দলে যি অভাৱনীয় হাৰত চাপ সৃষ্টি কৰিছে সেই চাপৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়া দলৰ নিজা স্থিতি সলনি কৰবিলৈও বাধ্য হৈছে এই ৰাজনৈতিক দলটো।

অন্যান্য বিৰোধী দলৰ দৰেই তেলেংগানাৰ মুখ্যমন্ত্ৰীগৰাকীৰ দাবী তদন্তকাৰী সংস্থাক বিৰোধী নেতা তথা দল সংগঠনক দমন কৰিবলৈ ব্যৱহাৰ কৰিছে কেন্দ্ৰীয় চৰকাৰে। তেওঁ একক প্ৰচেষ্টাৰে বিজেপিক পৰাভূত কৰিবলৈ সক্ষম নহয় বুলি বুজি উঠিয়েই নিজৰ সুৰ নৰম কৰিবলৈ বাধ্য হৈছে।

দলটোৰ এজন প্ৰবীণ নেতাৰ দাবী- 'শীঘ্ৰেই ভাৰত পাকিস্তানত পৰিণত হ’ব। ইমৰান খানৰ শাসনৰ সময়ত পাকিস্তানত বিৰোধী নেতাই দেশ এৰি পলাবলৈ বাধ্য হৈছিল। এইবাৰ সেইসকল বিৰোধী ক্ষমতালৈ অহাত ইমৰান খানৰ প্ৰাণলৈ ভাবুকি নামি আহিছে। এনে পৰিস্থিতিত সকলো একত্ৰিত হ’বই লাগিব। এয়া ২০১৯ নহয়। দেশ ৰক্ষা কৰিবলৈ বিজেপিক পৰাস্ত কৰিবই লাগিব। এয়াই একমাত্ৰ লক্ষ্য হোৱা উচিত।'

এই কথাকে সৰোগত কৰি বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী মিত্ৰজোঁটৰ সপক্ষে থিয় দিছে। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ সৈতে বৈঠকত মিলিত হৈ সমাজবাদী পাৰ্টীৰ নেতা অখিল সিং যাদৱৰ সৈতে সাক্ষাৎ কৰিছে।

উল্লেখ্য যে, দিল্লীৰ সুৰা কেলেংকাৰীৰ সৈতে জড়িত হৈ পৰিছে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা তথা প্ৰাক্তন সাংসদ কে কবিতা। সেয়ে কংগ্ৰেছক শত্ৰু জ্ঞান কৰা কে চন্দ্ৰশেখৰ ৰাওৱে এতিয়া কংগ্ৰেছক প্ৰাপ্য সন্মান দি হ’লেও বিৰোধী মিত্ৰজোঁট গঠন কৰিবলৈ আগবাঢ়িছে।

বি আৰ এছৰ মতে কংগ্ৰেছ যিমান শক্তিশালী সিমানেই শক্তিশালী হৈ থাকক। সেইদৰে অন্য শক্তিশালী বিৰোধী ৰাজনৈতিক দলকো কংগ্ৰেছে মিত্ৰজোঁটত স্থান এৰি দিয়ক। তেতিয়াহে শক্তিশালী আৰু কাৰ্যকৰী বিৰোধী মিত্ৰজোঁট গঠন সম্ভৱ হৈ পৰিব।

বি আৰ এছে বিচাৰিছে প্ৰধানমন্ত্ৰী বিকল্প হিচাপে ৰাহুল গান্ধী নহয় মমতা বেনাৰ্জী অথবা নীতিশ কুমাৰ থিয় হওক। এই দুয়োজন নেতাই নিজ নিজ ৰাজ্যত সফল হিচাপে বিবেচিত হৈছে। কিন্তু ৰাহুল গান্ধীয়ে এই পৰ্যন্ত সফলতা লাভ কৰিব পৰা নাই। তেওঁ এতিয়া দলৰ নেতাও নহয়।

নৰেন্দ্ৰ মোডীৰ বিকল্প হ'ব নোৱাৰে গান্ধি পৰিয়াল ! দুই সফল মুখ্যমন্ত্ৰীৰ এজন হ'ব বিকল্প....
গুণোৎসৱত চতুৰ্থ বাৰৰ বাবে 'A+' গ্ৰেড নগাঁৱৰ টাউন পানীগাঁও প্ৰাথমিক বিদ্যালয়ৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in