গুণোৎসৱত চতুৰ্থ বাৰৰ বাবে 'A+' গ্ৰেড নগাঁৱৰ টাউন পানীগাঁও প্ৰাথমিক বিদ্যালয়ৰ

গুণোৎসৱত চতুৰ্থ বাৰৰ বাবে 'A+' গ্ৰেড নগাঁৱৰ টাউন পানীগাঁও প্ৰাথমিক বিদ্যালয়ৰ
গুণোৎসৱত চতুৰ্থ বাৰৰ বাবে 'A+' গ্ৰেড নগাঁৱৰ টাউন পানীগাঁও প্ৰাথমিক বিদ্যালয়ৰ

ডিজিটেল সংবাদ নগাঁও : অসম চৰকাৰৰ প্ৰাথমিক বিদ্যালয়ৰ সৰ্বতোপ্ৰকাৰৰ মান নিৰ্ণায়ক গুণোৎসৱত একেধাৰে চতুৰ্থ বাৰৰ বাবে 'A+' গ্ৰেড পাই গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে নগাৱঁৰ অন্যতম ১৯৮ নং টাউন পানীগাঁও প্ৰাথমিক বিদ্যালয়ে ৷ বিগত বৰ্ষবোৰৰ দৰেই এইবৰ্ষতো ছাত্ৰ-ছাত্ৰী ,শিক্ষাক তথা অভিভাৱকসকলৰ একান্ত প্ৰচেষ্টাত এই সফলতা লভিবলৈ সক্ষম হৈছে বুলি বিদ্যালয়খনৰ প্ৰধান শিক্ষক তৰুণ চন্দ্ৰ বৰাই জানিবলৈ দিছে ৷

লগতে বৰাই জনাই যে ২০১৭ চনৰ পৰা এইবৰ্ষলৈকে জিলাখনৰ ভিতৰতেই সৰ্ব্বোচ্চ নম্বৰ নম্বৰ পাই আহিছে৷ এইবাৰো বিদ্যালয়খনে ৯৮ শতাংশ নম্বৰ লাভ কৰিছে৷

কিন্তু এই ফলাফলে বিদ্যালয়খনত নতুন ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা দুগুনে বৃদ্ধি কৰাত সীমিত আন্তঃগাঁথনিৰে পাঠদান চলাই ৰখা শ্ৰেণীকোঠাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে ৷ এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগে গুৰুত্বপূৰ্ণ কাৰ্যব্যৱস্থা শীঘ্ৰে হাতত লৈ আচ-বাব আৰু শ্ৰেনীকোঠা বৃদ্ধিৰ কাৰণে পুঁজি আবন্তন দিব লাগে বুলি প্ৰধান শিক্ষক জনে মত ব্যক্ত কৰে৷

গুণোৎসৱৰ ফলাফলৰ বাবে ইউজাৰ ৱেবচাইট সঠিককৈ কাৰ্যক্ষম নোহোৱা বাবে নিশা বহু পলমকৈ গুণোৎসৱৰ ফলাফল লাভ কৰাত আজি পুৱা বিদ্যালয়খনত উৎসৱমুখৰ এক পৰিৱেশে বিৰাজ কৰে৷ প্ৰাতঃসভাত বিদ্যালয়খনৰ শিক্ষাকসকলৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলে বক্তব্যৰ জৰিয়তেএই ধাৰা ভৱিষ্যতেও বৰ্তাই ৰাখিবলৈ আপ্ৰাণ চেষ্ঠা চলাব বুলি জানিবলৈ দিছে৷

গুণোৎসৱত চতুৰ্থ বাৰৰ বাবে 'A+' গ্ৰেড নগাঁৱৰ টাউন পানীগাঁও প্ৰাথমিক বিদ্যালয়ৰ
অৰ্জুনৰ বেটিং বিক্ৰম দেখি আচৰিত হৈ পৰিল প্ৰতিপক্ষ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in