/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/d49e9de5-7084-49b1-a1a1-19a201df549b/AP_FOR_WEB_modi_.jpg)
ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ য়াদাগিৰি জিলাৰ ৰংমপেটৰ বাসিন্দা মহম্মদ ৰছুলে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা ভিডিঅ'ক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। ভিডিঅ' শ্বেয়াৰ কৰি যুৱকজনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথক হত্যাৰ ভাবুকি প্ৰদান কৰিছে। ইয়াৰ পাছতে ৰছুলৰ বিৰুদ্ধে আইপিচি ধাৰা ৫০৫(১)(বি), ২৫(১)(বি) আৰু অস্ত্ৰ আইনৰ অধীনত এজাহাৰ দাখিল কৰিছে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক ভাষা প্ৰয়োগ কৰা যুৱকজন মহম্মদ ৰছুল বুলি চিনাক্ত হৈছে। ৰছুলে পূৰ্বে হায়দৰাবাদত শ্ৰমিক হিচাপে কাম কৰিছিল। তেওঁৰ বিৰুদ্ধে এগৰাকী বিজেপি কৰ্মকৰ্তাই গোচৰ ৰুজু কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us