ইজৰাইল-হামাছৰ যুদ্ধৰ ওপৰত স্থিতি প্ৰকাশ ভাৰতৰ...

ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধক লৈ ভাৰতে পুনৰ এবাৰ নিজৰ স্থিতি প্ৰকাশ কৰিলে। দুয়ো ৰাষ্ট্ৰলৈ শান্তি আহ্বান কৰি ভাৰতে দ্বি-পাক্ষিক আলোচনাৰ ওপৰত মন্তব্য কৰে

author-image
Asomiya Pratidin
New Update
ইজৰাইল-হামাছৰ যুদ্ধৰ ওপৰত স্থিতি প্ৰকাশ ভাৰতৰ...

ডিজিটেল ডেস্কঃ ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধক লৈ ভাৰতে পুনৰ এবাৰ নিজৰ স্থিতি প্ৰকাশ কৰিলে। যুদ্ধৰ মাজতে শান্তি আহ্বান কৰি ভাৰতে দ্বি-পাক্ষিক আলোচনাৰ ওপৰত মন্তব্য কৰে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰুচিকা কম্বোজে কয় যে কেৱল সমাধানেহে শান্তি আনিব পাৰে। ভাৰতে দুয়ো সমস্যা সমাধানত সমৰ্থন কৰে।

Advertisment

তেওঁ কয় যে, বিগত প্ৰায় ৫ মাহ ধৰি চলি থকা এই সংঘৰ্ষই ভাৰতকো চিন্তিত কৰি ৰাখিছে। মানৱীয় সংকট গভীৰ হৈ পৰিছে। ইজৰাইল আৰু হামাছৰ মাজত চলি থকা সংঘৰ্ষৰ ফলত সাধাৰণ নাগৰিক, বিশেষকৈ মহিলা আৰু শিশুৰ ব্যাপক প্ৰাণ হানি হৈছে।

তেওঁ কয় যে এনে পৰিস্থিতি কেতিয়াও স্বীকাৰ কৰিব নোৱাৰি। যুদ্ধত নাগৰিকৰ মৃত্যুক ভাৰতে তীব্ৰ গৰিহনা দিয়ে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দীৰ্ঘদিনীয়া আৰু আপোচহীন দৃষ্টিভংগী আছে। আমি সকলো বন্দীক তাৎক্ষণিক আৰু চৰ্তহীন ভাৱে মুক্তি দিয়াৰ দাবী জনাইছো।

কম্বোজে লগতে কয় যে, ইয়াক বন্ধ কৰিবলৈ গাজাৰ লোকসকলক মানৱীয় সহায় তৎক্ষণাৎ বৃদ্ধি কৰাটো অতি প্ৰয়োজনীয়। পৰিস্থিতিৰ অৱনতি ঘটিছে। ভাৰতে ইজৰাইল-হামাছৰ সমাধানৰ সমৰ্থন কৰে।

Also Read: ঘৰতে ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি স্ব-নিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিছে ৰিন্টু শইকীয়াই

United Nations General Assembly UN india