/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/d862495b-a61d-4708-9ad0-41c9ffe2966b/son_25.jpg)
মদ কিনিবলৈ টকা নিদিয়াৰ বাবেই পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ...
ডিজিটেল ডেস্কঃ উৎসৱ মানেই যেন সুৰা। সুৰা অবিহনে আধৰুৱা উৎসৱৰ মাদকতা। এয়াই এতিয়া আমাৰ সমাজৰ পৰিৱেশ। জ্যেষ্ঠ, কনিষ্ঠ অথবা পুৰুষ, মহিলা কোনো বাচ-বিচাৰ নোহোৱাকৈ মুক্ত মনেৰে সুৰাত মগন হোৱাটোৱেই বহুতৰ বাবে মূল উদ্দেশ্য।
এই উদ্দেশ্যকে বাস্তৱায়িত কৰিবলৈকে এজন যুৱকে নিজৰ মাতৃকে হত্যা কৰিবলৈও কুণ্ঠাবোধ নকৰিলে।জানিব পৰা মতে এজন ২৩ বছৰীয়া যুৱকে উৎসৱৰ বতৰত মদ খাবলৈ নিজৰ মাকক বিচাৰিছিল অলপ টকা।
কিন্তু মাকে তেওঁক মদ কিনিবলৈ টকা দিবলৈ অপৰাগতা প্ৰকাশ কৰাত খঙৰ ভমকত মাতৃকে হত্যা কৰিলে। মহাৰাষ্ট্ৰৰ লাতুৰ জিলাৰ ছাতালা গাঁৱত সংঘটিত হৈছে এই ঘটনা।
হত্যাৰ বলি হোৱা মহিলাগৰাকীৰ নাম সঙ্গীতা নাথৰাও মুন্দে (৪০) আৰু তেওঁৰ হত্যাকাৰী পুত্ৰৰ নাম দানেশ্বৰ নাথৰাও মুন্দে (২৩)। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰীক।
আৰক্ষী সূত্ৰত প্ৰকাশ পোৱা অনুসৰি মদ কিনিবলৈ সঙ্গীতা নাথৰাওৰ পৰা টকা বিচাৰিছিল দানেশ্বৰে। কিন্তু পুত্ৰক মদ কিনিবলৈ তেওঁ টকা নিদিও বুলি কয়। ফলত দানেশ্বৰে মাতৃৰ মূৰত আঘাত কৰে আৰু তেওঁৰ ঘটনাস্থলীতে মৃত্যু হয়।
আৰক্ষীয়ে জনোৱা মতে ৰক্তাক্ত অৱস্থাত সঙ্গীতাৰ মৃতদেহ ঘৰৰ ভিতৰতে পেলাই পলায়ন কৰে কুলাঙ্গাৰ পুত্ৰ দানেশ্বৰে। শনিবাৰে সংঘটিত হোৱা এই ঘটনাৰ এদিন পাছত দেওবাৰে আৰক্ষীয়ে দানেশ্বৰক গ্ৰেপ্তাৰ কৰিছে।
Also Read: বিডিঅ' অৰুণ কুমাৰ দাসৰ দুৰ্নীতি উদঙাই দিয়া সাংবাদিকক ভাবুকি
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us