বিডিঅ' অৰুণ কুমাৰ দাসৰ দুৰ্নীতি উদঙাই দিয়া সাংবাদিকক ভাবুকি

বিডিঅ' অৰুণ কুমাৰ দাসৰ দুৰ্নীতি উদঙাই দিয়া সাংবাদিকক ভাবুকি

ডিজিটেল সংবাদ, ছয়দুৱাৰ: এমজিএনৰেগাৰ ৯,৬৭,৭১৫ টকাৰ বিত্তীয় কেলেংকাৰী সংঘটিত কৰি চাকৰিৰ পৰা নিলম্বিত হ'বলগীয়া হৈছে গহপুৰ মহকুমাৰ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ সদ্য নিলম্বিত খণ্ড উন্নয়ন বিষয়া অৰুণ কুমাৰ দাস। তেওঁৰ এই দুৰ্নীতি উদঙাই দিয়াৰ বাবেই অসমীয়া প্ৰতিদিনৰ প্ৰতিবেদকক ফোনযোগে তৰ্জন গৰ্জন কৰাৰ লগতে বিভিন্ন ভাবুকি দিয়ে ছয়দুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ইনু বৰাই।

উল্লেখযোগ্য যে বিডিঅ' অৰুণ কুমাৰ দাসে সংঘটিত কৰা এমজিএনৰেগাৰ ৯,৬৭,৭১৫ টকাৰ বিত্তীয় কেলেংকাৰীৰ বিষয়ে সংশ্লিষ্ট বিভাগে গম পোৱাৰ পিছত ইয়াৰ উত্তৰ বিচাৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে তেওঁলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল। কিন্তু তেওঁৰ উত্তৰত বিভাগ সন্তুষ্ট নোহোৱাৰ কাৰণে যোৱা ২২ ডিচেম্বৰত Assam Service (Discipline and Appeal Rule) 1964ৰ বিধি অনুসৰি অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিৱ জে.বি এক্কাই তেওঁক চাকৰিৰ পৰা নিলম্বন কৰিছিল।

তদুপৰি নিলম্বনৰ নিৰ্দেশনাটোত তেওঁ 1965 Assam Civil Service Conduct Rule 3 ৰ নিয়ম অমান্য কৰা বুলি উল্লেখ আছিল। বিডিঅ' দাসে এনৰেগাৰ উক্ত চৰকাৰী পুঁজিৰ এটা মোটা অংক কোনগৰাকী ভেণ্ডৰৰ একাউন্টত ভৰাইছিল সেই বিষয়ে প্ৰতিবেদকে তথ্য সংগ্ৰহ কৰি এক তথ্য সমৃদ্ধ বাতৰি প্ৰকাশ কৰিছিল।

"ছয়দুৱাৰৰ বিডিঅ' অৰুণ কুমাৰ দাসৰ নিলম্বনৰ পাছত পোহৰলৈ বহু তথ্য, ভেণ্ডৰ দীপক বৰাৰ একাউন্টত দিছিল এনৰেগাৰ ধন,একাউনণ্টেণ্ট-ভেণ্ডৰৰ বিৰুদ্ধেও তদন্তৰ" দাবী শিৰোনামাৰে অসমীয়া প্ৰতিদিনৰ ২৪ ডিচেম্বৰৰ সংখ্যাত প্ৰকাশ পাইছিল। এই বাতৰিটোৰ পিছত মিলিজুলী চলাই অহা দুৰ্নীতিৰ-কেলেংকাৰীৰ মুখাখন খুলি পৰাৰ পিছত এতিয়া অসমীয়া প্ৰতিদিনৰ প্ৰতিবেদক হৈ পৰিছে আক্ৰমণৰ লক্ষ্য।

সেই অনুসৰি ছয়দুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ইনু বৰাই দেওবাৰে নিশা প্ৰায় ৮.২৪ বজাত প্ৰতিবেদকলৈ ফোন কৰি উত্তেজিত সুৰত কয়- বিডিঅ' চাচপেনছন হ'ল হৈ গ'ল ,আইনে যি কৰে কৰি থাকিব। আপুনি কিয় ইমান নিৰ্যাতন কৰি আছে মানুহটোক? মানসিক ভাবে প্ৰেছাৰ নিদিব। কাইলৈ যদি মোৰ কিবা হৈ যায় আপোনাৰ ওপৰত কিবা লিখি থৈ হে মৰিম।সেইটো জানি ল'ব। ইয়াৰোপৰি আৰু বহু ভাবুকিও প্ৰদান কৰে তেওঁ।

ইনু বৰাৰ এই কাৰ্য গণতন্ত্ৰৰ পৰিপন্থী বুলি গহপুৰৰ সচেতন ৰাইজে মন্তব্য কৰি সাংবাদিকৰ কলম বন্ধ কৰিবলৈ বিচৰা কাৰ্য গৰিহণাৰ যোগ্য বুলি সকলোৱে মত প্ৰকাশ কৰিছে। ৯ লক্ষাধিক টকাৰ এটা মোটা অংক পঞ্জীয়নভুক্ত ভেণ্ডৰ দীপক বৰাৰ একাউণ্টত সোমোৱাৰ তথ্য অসমীয়া প্ৰতিদিনে পোহৰলৈ অনাৰ পিছত লজ্জাবোধ কৰি দীপক বৰাৰ পত্নী ইনু বৰাই এনেদৰে সাংবাদিকৰ ওপৰত অশোভনীয় আচৰণ প্ৰদৰ্শন কৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম সাংবাদিক সন্থা,বিশ্বনাথ জিলা সাংবাদিক সন্থা,গহপুৰ মহকুমা সাংবাদিক সন্থা,হেলেম প্ৰেছ ক্লাবকে ধৰি বিভিন্ন সাংবাদিক সংগঠনে।

উল্লেখযোগ্য যে, নিলম্বনৰ দৰে এটা গুৰুত্বপূৰ্ণ বিষয়ক ভয় ভাবুকিৰে তল পেলাবলৈ অপচেষ্টা কৰা ইনু বৰাৰ দৰে জনপ্ৰতিনিধিৰ ওচৰত অসমীয়া প্ৰতিদিন দায়বদ্ধ নহয়।তেওঁৰ এই ভয় ভাবুকিত শিৰনত নকৰে।

বিডিঅ' অৰুণ কুমাৰ দাসৰ দুৰ্নীতি উদঙাই দিয়া সাংবাদিকক ভাবুকি
তেজপুৰত চাঞ্চল্য! ডাইনীৰ সন্দেহত পুত্ৰৰ সন্মুখতে জ্বলাই দিলে এগৰাকী মহিলাক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in