Advertisment

ভাৰতৰ ৰাষ্ট্ৰীয় ধৰ্ম হৈছে 'সনাতন ধৰ্ম': আদিত্যনাথ

হিন্দুত্ববাদী চিন্তাধাৰা, বিতৰ্কিত মন্তব্যৰ বাবে প্ৰায়েই চৰ্চাত থাকে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। এইবাৰ পুনৰ এক মন্তব্যৰ বাবে চৰ্চালৈ আহিছে মুখ্যমন্ত্ৰী গৰাকী

author-image
Asomiya Pratidin
New Update
বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে অসমলৈ আহিব যোগী আদিত্যনাথ…

ডিজিটেল ডেস্ক: হিন্দুত্ববাদী চিন্তাধাৰা, বিতৰ্কিত মন্তব্যৰ বাবে প্ৰায়েই চৰ্চাত থাকে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। এইবাৰ পুনৰ এক মন্তব্যৰ বাবে চৰ্চালৈ আহিছে মুখ্যমন্ত্ৰী গৰাকী।

Advertisment

আদিত্যনাথে শুকুৰবাৰে ৰাজস্থানত এক ৰাজহুৱা সভা সম্বোধন কৰি সনাতন ধৰ্মক ভাৰতৰ ৰাষ্ট্ৰীয় ধৰ্ম বুলি অভিহিত কৰে। তেওঁ কয় যে 'সনাতন ধৰ্ম হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ধৰ্ম' যাক প্ৰতিজন নাগৰিকে সন্মান কৰা উচিত।

অনুষ্ঠানটোত সমবেত লোক সকলক সম্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে অযোধ্যাৰ ৰাম মন্দিৰৰ দৰে ধৰ্মীয় স্থানসমূহ পুনৰুদ্ধাৰৰ বাবে এক অভিযান আৰম্ভ কৰিবলৈ আহ্বান জনায়।

তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক তেওঁলোকৰ ঐতিহ্যক সন্মান আৰু সংৰক্ষণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ১৪০০ বছৰৰ পিছত ভগৱান নীলকণ্ঠৰ মন্দিৰৰ পুনৰুদ্ধাৰ ঐতিহ্যৰ সন্মান আৰু সংৰক্ষণৰ এক উদাহৰণ।

ৰাজস্থানৰ ভূমি হৈছে ধৰ্ম, কৰ্ম, ভক্তি আৰু ক্ষমতাৰ সমন্বয়ৰ কেন্দ্ৰবিন্দু। আৰু ধৰ্মৰ প্ৰকৃত ৰহস্য জানিবলৈ এবাৰ ৰাজস্থানলৈ অহাটো প্ৰয়োজনীয় বুলি তেওঁ উল্লেখ কৰে।

আৰু পঢ়ক: GMCHৰ প্রেক্ষাগৃহৰ সন্মুখত মাৰপিটৰ ঘটনা, আটক দুজন

narendra modi uttar pradesh yogi aditya nath