/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/1cbb2794-4aa3-491f-b048-8b5670c556a3/download.jpg)
ডিজিটেল ডেস্কঃ মহানগৰীত পুনৰ সংঘটিত হৈছে মাৰপিটৰ ঘটনা। এইবাৰ ঘটনাত নাম সাঙোৰ খালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ নাম।
শুকুৰবাৰে নিশা GMCHৰ প্রেক্ষাগৃহৰ সন্মুখত সংঘটিত এই ঘটনা। অভিযোগ অনুসৰি গুৱাহাটী মেডিকেল কলেজৰ ছাত্রও জড়িত আছিল এই ঘটনাত।
নিশাই কেইবাজনো ছাত্রক ভঙাগড় আৰক্ষীয়ে কৰালে স্বাস্থ্য পৰীক্ষা। ইতিমধ্যে ঘটনা সন্দৰ্ভত দুজনক আটক কৰিছে আৰক্ষীয়ে। আটক কৰা দুজন ক্ৰমেঃ সুমন তাঁতী, জয়ন্ত দাস। অৱশ্যে কি কাৰণে এই ঘটনা সংঘটিত হয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us