১৫ হাজাৰ ৭০০ কোটি টকাৰ প্ৰকল্প লৈ অযোধ্যালৈ প্ৰধানমন্ত্ৰীঃ ৰামায়ণৰ শ্ৰষ্টাৰ নামেৰে নামকৰণ বিমান বন্দৰ...

১৫ হাজাৰ ৭০০ কোটি টকাৰ প্ৰকল্প লৈ অযোধ্যালৈ প্ৰধানমন্ত্ৰীঃ ৰামায়ণৰ শ্ৰষ্টাৰ নামেৰে নামকৰণ বিমান বন্দৰ...

author-image
Asomiya Pratidin
New Update
১৫ হাজাৰ ৭০০ কোটি টকাৰ প্ৰকল্প লৈ অযোধ্যালৈ প্ৰধানমন্ত্ৰীঃ ৰামায়ণৰ শ্ৰষ্টাৰ নামেৰে নামকৰণ বিমান বন্দৰ...

১৫ হাজাৰ ৭০০ কোটি টকাৰ প্ৰকল্প লৈ অযোধ্যালৈ প্ৰধানমন্ত্ৰীঃ ৰামায়ণৰ শ্ৰষ্টাৰ নামেৰে নামকৰণ বিমান বন্দৰ...

ডিজিটেল ডেস্কঃ ৰামায়ণৰ শ্ৰষ্টাৰ নামেৰে নামকৰণ কৰা হ'ব অযোধ্যাৰ বিমান বন্দৰৰ। শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই বিমান বন্দৰ উদ্বোধন কৰিব। ৰাম মন্দিৰ উদ্বোধনৰ আগে আগে এই বিমান বিন্দৰ নিৰ্মাণ সম্পূৰ্ণ কৰি সাজু কৰি তোলা হৈছে।

Advertisment

এই বিমান বন্দৰটো আন্তঃৰাষ্ট্ৰীয় মানৰ। ইয়াৰোপৰি সমগ্ৰ অযোধ্যা চহৰখনকো নতুনকৈ সজাই তোলা হৈছে। অযোধ্যাৰ পুৰণি মন্দিৰসমূহ নতুনকৈ সজাই পৰাই তোলাৰ লগতে পথবোৰো নতুনকৈ মেৰামতি কৰি নতুন পথৰ দৰে কৰি তুলিছে। উল্লেখ্য যে, ২২ জানুৱাৰীত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হ'ব ৰাম মন্দিৰ।

জানিব পৰা মতে ৰামায়ণৰ শ্ৰেষ্টা মহৰ্ষী বাল্মীকিৰ নামেৰে অযোধ্যাৰ বিমান বন্দৰৰ নামকৰণ কৰা হ'ব। অত্যাধুনিক সুযোগ সুবিধাসহ এই বিমান বন্দৰ আন্তঃৰাষ্ট্ৰীয় মানৰ কৰি তোলা হৈছে। এই বিমান বন্দৰটোৰ নাম হ'ব 'মহৰ্ষী বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ অযোধ্যাধাম'।

ইয়াৰ পূৰ্বে এই বিমান বন্দৰৰ নাম আছিল 'মৰ্যাদা পুৰুষোত্তম শ্ৰী ৰাম অযোধ্যা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ'। উদ্বোধনৰ ঠিক এদিন পিছৰ পৰাই এই বিমান বন্দৰটো কাৰ্যক্ষম হৈ পৰিব।

ইয়াৰোপৰি শনিবাৰেই প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিব নতুন ৰে'ল ষ্টেচনো। এই একেটা দিনতে তেওঁ অযোধ্যাৰ উন্নয়নৰ বাবে বৃহৎ প্ৰকল্প ঘোষণা কৰিব। জানিব পৰা মতে ১৫ হাজাৰ ৭০০ কোটি টকাৰ প্ৰকল্প ঘোষণা কৰিব তেওঁ। এই প্ৰকল্পসমূহৰ ভিতৰত আছে বিমান বন্দৰৰ উন্নয়ন, ৰে'ল ষ্টেচনৰ উন্নয়নো।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এক বিবৃতিত উল্লেখ কৰা অনুসৰি অযোধ্যাত বিশ্বমানৰ বিমান বন্দৰ গঢ়ি তোলাৰ সপোন আছিল প্ৰধানমন্ত্ৰীৰ। সেয়ে এই চহৰৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়, সমস্ত সুযোগ, সুবিধাৰ উন্নয়ন কৰাটো দৰকাৰ। অযোধ্যা তহৰৰ ঐতিহ্যক ধৰি ৰখাৰ বাবেও এই পদক্ষেপৰ প্ৰয়োজন।

Also Read: জামুগুৰিহাটবাসীৰ লগতে উত্তৰ অসমৰ ৰাইজৰ দাবীয়ে পালে সাকাৰ ৰূপঃ আনুষ্ঠানিক মুকলিৰ দিশে চকীঘাট দলং

অযোধ্যা ৰাম মন্দিৰ