Advertisment

জামুগুৰিহাটবাসীৰ লগতে উত্তৰ অসমৰ ৰাইজৰ দাবীয়ে পালে সাকাৰ ৰূপঃ আনুষ্ঠানিক মুকলিৰ দিশে চকীঘাট দলং

জামুগুৰিহাটবাসীৰ লগতে উত্তৰ অসমৰ ৰাইজৰ দাবীয়ে পালে সাকাৰ ৰূপঃ আনুষ্ঠানিক মুকলিৰ দিশে চকীঘাট দলং

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটবাসীৰ লগতে উত্তৰ অসমৰ ৰাইজৰ দাবীয়ে পালে সাকাৰ ৰূপঃ আনুষ্ঠানিক মুকলিৰ দিশে চকীঘাট দলং

ডিজিটেল সংবাদ জামুগুৰিহাটঃ উত্তৰ অসমৰ ৰাইজৰ যাতায়ত ব্যৱস্থাৰ ক্ষেত্ৰত এক আমূল পৰিৱৰ্তনৰ সূচনা কৰি জামুগুৰিহাটৰ জীয়া ভৰলী নদীৰ ওপৰৰ ১.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ চকীঘাট দলং নিৰ্মাণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দিনত দলংখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠাৰ লগে লগে এতিয়া উৎফুল্লিত হৈ পৰিছে জামুগুৰিহাটৰ লগতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৰাইজ।

Advertisment

কিয়নো চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ উপৰিও দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ লগে লগে এতিয়া জামুগুৰিহাটৰ পৰা তেজপুৰলৈ পূৰ্বৰ ৫২ কিলোমিটাৰৰ দূৰত্বৰ পৰিবৰ্তে এতিয়া দূৰত্ব হ'লগৈ মাত্ৰ ১৮ কিলোমিটাৰ। পূৰ্বৰ এক ঘন্টাৰ পৰিৱৰ্তে এতিয়া জামুগুৰিহাটৰ পৰা তেজপুৰ পাবলৈ সময় লাগে মাত্ৰ ১৫ মিনিটৰ পৰা ২০ মিনিট।

ষাঠিৰ দশকৰে পৰাই জীয়াভৰলী নদীৰ ওপৰত দ্বিতীয়খন দলং চকীঘাটত নিৰ্মাণৰ দাবী উত্থাপিত হৈ অহাৰ পিছত এতিয়া এই দাবী পূৰণ হোৱাত বৃহত্তৰ জামুগুৰিহাটবাসী ৰাইজৰ আশাৰ সপোন বাস্তৱত ৰূপায়িত হোৱাৰ লগতে উত্তৰ অসমৰ ৰাইজৰ অৰ্থনৈতিক ক্ষেত্ৰখনলৈও যুগান্তকাৰী পৰিৱৰ্তন অহাটো নিশ্চিত হৈ পৰিল।

Also Read: ধেমাজিৰ বিশিষ্ট সমাজসেৱক নিপ কোঁৱৰলৈ ২০২৩ বৰ্ষৰ “সাহসী” বঁটা..

জামুগুৰিহাট