অমিত শ্বাহক সাক্ষাতৰ পাছতেই কামলৈ উভতিল মল্লযোদ্ধাসকল, ক'লে, প্ৰতিবাদ অব্যাহত থাকিব

মল্লযোদ্ধা সাক্ষী মালিক,বিনেছ ফোগট আৰু বজৰং পুনিয়া ৰাওনা হ'ল নিজ নিজ কৰ্তব্যস্থলীলৈ।

author-image
Asomiya Pratidin
New Update
অমিত শ্বাহক সাক্ষাতৰ পাছতেই কামলৈ উভতিল মল্লযোদ্ধাসকল, ক'লে, প্ৰতিবাদ অব্যাহত থাকিব

ডিজিটেল ডেস্কঃ মল্লযোদ্ধা সাক্ষী মালিক,বিনেছ ফোগট আৰু বজৰং পুনিয়া ৰাওনা হ'ল নিজ নিজ কৰ্তব্যস্থলীলৈ। অৱশ্যে তেওঁলোকে কৈছে যে প্ৰতিবাদ অব্যাহত থাকিব। এপ্ৰিল মাহৰ পৰাই মল্লযোদ্ধা সকলে ৰেচলিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ অধ্যক্ষ তথা বিজেপি সাংসদ ব্ৰীজভূষণ চৰন সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ আৰম্ভ কৰিছিল।

Advertisment

তাৰ মাজতে ৩ জুনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত এক আলোচনাত ভাগ লৈছিল প্ৰতিবাদকাৰী সকলৰ কেইজনমানে। সাক্ষাতৰ পাছত সোমবাৰে এক ভুৱা খবৰ বিয়পিছিল যে সাক্ষী মালিকে প্ৰতিবাদ প্ৰত্যাহাৰ কৰিছে ।

পৰৱৰ্তী সময়ত সাক্ষী মালিকে এই খবৰ ভুৱা বুলি কৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। লগতে কৈছিল যে তেওঁ কৰ্তব্যত যোগদান কৰিব কিন্তু প্ৰতিবাদ চলি থাকিব। লগতে কয় যে শ্বাহৰ লগত তেওঁলোকৰ বৰ বেছি আলোচনা হোৱা নাই আৰু কোনো সমাধান ওলোৱা নাই। গতিকে যেতিয়ালৈকে অভিযুক্ত গ্ৰেপ্তাৰ নহয় তেতিয়ালৈকে প্ৰতিবাদ চলি থাকিব।

Also Read: বগীঢলা মুগা পামত এন আৰ এলৰ সাত হাজাৰ গছপুলি ৰোপন...

amit shah delhi protest