/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/1087efa6-4c87-4989-bf01-191c224d2f4d/biswajit_sir.jpg)
ডিজিটেল সংবাদ, নুমলীগড়: নুমলীগড়ৰ বগীঢলা মুগাপামত ৰেচম বিভাগৰ মন্ত্ৰী উ জি ব্ৰহ্মই সোমবাৰে গছপুলি ৰোপন কৰে । গছপুলি ৰোপন কৰি মন্ত্ৰীগৰাকীয়ে শুভাৰম্ভ কৰে ৰেচম বিভাগ আৰু এন আৰ এলৰ সাত হাজাৰ গছপুলি ৰোপনৰ কাৰ্যসূচী ।
উল্লেখ্য যে এন আৰ এল আৰু ৰেচম বিভাগৰ উদ্যোগত পৰিতক্ত হৈ থকা মৰঙীৰ বগীঢলা মুগাপাম পুনৰ উজ্জীৱিত কৰাৰ বিশেষ পৰিকল্পনা কৰিছে । এই পৰিকল্পনাৰে অংশ হিচাপে নুমলীগড় শোধনাগাৰৰ উদ্যোগত আজি বিশ্ব পৰিৱেশৰ লগত সংগতি ৰাখি সাত হাজাৰ গছপুলি ৰোপন কৰে ।
এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৰেচম মন্ত্ৰীয়ে । তেওঁৰ লগত সহযোগিতা আগবঢ়ায় সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে । অনুষ্ঠানত এন আৰ এলৰ এম ডি ভাস্কৰজ্যোতি ফুকনেও সহযোগিতা আগবঢ়ায়।
Also Read: কোচবিহাৰৰ মধুপুৰ সত্ৰত মাধৱদেৱৰ আবিৰ্ভাৱ তিথি পালন...