Wrestlers Protest: সংসদ ভৱন অভিমুখী প্ৰতিবাদী মল্লযুঁজাৰুক আটক...

Wrestlers Protest: সংসদ ভৱন অভিমুখী প্ৰতিবাদী মল্লযুঁজাৰুক আটক...
Wrestlers Protest: সংসদ ভৱন অভিমুখী প্ৰতিবাদী মল্লযুঁজাৰুক আটক...

ডিজিটেল ডেস্কঃ এফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi) ৰ নৱ নিৰ্মিত সংসদ ভৱন (Parliament Building) উদ্বোধন আৰু আনফালে সেই সংসদ ভৱনৰ সন্মুখত মহা পঞ্চায়ত বহোৱাৰ চেষ্টা প্ৰতিবাদী মল্লযুঁজাৰুৰ (Wrestlers Protest)। তাৰ মাজতে দিল্লী আৰক্ষীৰ দ্বাৰা আটক দেশৰ আগশাৰীৰ কেইবাগৰাকীও মল্লযুঁজাৰু।

ভাৰতীয় মল্লযুঁজাৰু সন্থাৰ সভাপতি ব্ৰীজ ভূষণ সিঙ (Brij Bhushan Sharan Singh) ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি থকা মল্লযুঁজাৰুসকলক আজি আটক কৰে দিল্লী আৰক্ষীয়ে। আটকাধীন মল্লযুঁজাৰুসকলৰ ভিতৰত আছে বজৰং পুনিয়া, সাক্ষী মালিক, সংগীতা ফোগাটকে ধৰি দেশৰ শীৰ্ষ মল্লযুঁজাৰু।

আজি দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নৱ নিৰ্মিত সংসদ ভৱন শুভ উদ্বোধন কৰাৰ সময়তে সেই সংসদ ভৱনৰ দিশে সমদল বাহিৰ কৰি সংসদ ভৱনৰ সন্মুখত মহা পঞ্চায়ত বহোৱাৰ চেষ্টা কৰে মল্লযুঁজাৰুসকলে। কিন্তু তেওঁলোকক দিল্লী আৰক্ষীয়ে মহা পঞ্চায়তৰ বাবে অনুমতি প্ৰদান নকৰে।

সেয়ে দিল্লী আৰক্ষীৰ বেৰিকেড ভাঙি মল্লযুঁজাৰুৰ দলটোৱে প্ৰতিবাদী সমদল উলিয়াবলৈ চেষ্টা কৰে। সেই সময়তে আৰক্ষীয়ে আটক কৰে এই প্ৰতিবাদী মল্লযুঁজাৰুসকলক।

উল্লেখ্য, এই মল্লযুঁজাৰুসকলে সুদীৰ্ঘ দিন ধৰি ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে। ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে এই মল্লযুঁজাৰুসকলে উত্থাপন কৰিছে যৌন নিৰ্যাতনৰ অভিযোগ।

সুদীৰ্ঘ ৩৫ দিন ধৰি দিল্লীৰ যন্তৰ-মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰি থকা এই প্ৰতিবাদী মল্লযুঁজাৰুসকলৰ প্ৰতিবাদক এতিয়াও গুৰুত্ব প্ৰদান কৰা নাই কেন্দ্ৰীয় চৰকাৰে। তেওঁলোকৰ অভিযোগ, বিজেপিৰ সাংসদ হোৱাৰ বাবেই ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কেন্দ্ৰীয় চৰকাৰে।

সেয়ে আজি প্ৰধানমন্ত্ৰী মোডীয়ে সংসদ ভৱন শুভ উদ্বোধন কৰাৰ সময়তে সংসদ ভৱনৰ সন্মুখত মহা পঞ্চায়ত বহোৱাৰ উদ্দেশ্যৰে আৰক্ষীৰ বেৰিকেড ভাঙি সংসদ ভৱনৰ দিশে সমদল বাহিৰ কৰাৰ চেষ্টা কৰিছিল। এনে পৰিস্থিতিতে আৰক্ষীয়ে এই প্ৰতিবাদী মল্লযুঁজাৰু দলটোক আটক কৰে।

ইফালে মল্লযুঁজাৰুসকলৰ সমৰ্থনত ওলাই আহিছে বহু সংখ্যক জনতা। তেওঁলোকলৈ সমৰ্থন আগবঢ়াইছে কৃষক সংগঠনসমূহেও।  

Wrestlers Protest: সংসদ ভৱন অভিমুখী প্ৰতিবাদী মল্লযুঁজাৰুক আটক...
প্ৰিয় বন্ধুৰ মৃত্যু, শোকত এজনে জাপ দিলে চিতাত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in