প্ৰিয় বন্ধুৰ মৃত্যু, শোকত এজনে জাপ দিলে চিতাত...

বন্ধুত্বৰ বান্ধোন বুলি ক'লেই নিৰ্ভেজাল এক সম্পৰ্ক । য'ত কোনো স্বাৰ্থ নেথাকে। শনিবাৰে যমুনা নদীৰ কাষত সংঘটিত এক ঘটনাই যেন তাকেই প্ৰতিপন্ন কৰিলে

author-image
Asomiya Pratidin
New Update
প্ৰিয় বন্ধুৰ মৃত্যু, শোকত এজনে জাপ দিলে  চিতাত...

ডিজিটেল ডেস্কঃ বন্ধুত্বৰ বান্ধোন বুলি ক'লেই নিৰ্ভেজাল এক সম্পৰ্ক । য'ত কোনো স্বাৰ্থ নেথাকে। শনিবাৰে যমুনা নদীৰ কাষত সংঘটিত এক ঘটনাই যেন তাকেই প্ৰতিপন্ন কৰিলে । কালিৰ দিনটোত মৃত বন্ধুৰ চিতাত জাপ দি এজন বন্ধুৱে আত্মহত্যা কৰিছে ।

Advertisment

ঘটনানুসৰি নাগলা খাংগৰ আৰক্ষী থানা অঞ্চলৰ বাসিন্দা অশোক নামৰ ৪২ বছৰীয়া এজন লোক আক্ৰান্ত হৈ আছিল জটিল ৰোগত । অশোকে শনিবাৰে পুৱা মৃত্যু বৰণ কৰে । বন্ধুৰ মৃত্যুৰ খবৰ লাভ কৰি অন্ত্যেষ্টিক্ৰিয়াৰ বাবে যমুনা নদীৰ পাৰত উপস্থিত হৈছিল বন্ধু আনন্দ ।

পুৱা ১১ বজাত শ্মশানৰ পৰা সকলোৱে ঘৰাঘৰি হ'বলৈ লোৱাৰ পৰতে আনন্দে জঁপিয়াই দিয়া মৃত বন্ধুৰ চিতাত । হঠাৎ হুৱাদুৱা লাগে অশোকৰ শেষকৃত্যৰ বাবে যোৱা সকলোৰে সকলৰ মাজত। ততাতৈয়াকৈ আনন্দক চিতাৰ পৰা উঠাই জিলা হাস্পাতাললৈ লৈ যোৱা হয় । আৰু জিলা হাস্পাতালৰ পৰা আনন্দক উন্নত চিকিৎসাৰ আগ্ৰা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় । চিকিৎসালয়লৈ নি থকাৰ পথতে মৃত্যুবৰণ কৰে আনন্দে ।

Also Read: হাইস্কুল শিক্ষান্ত পৰীক্ষাত চিৰাং জিলাৰ শীৰ্ষ স্থান লাভ শিক্ষানুষ্ঠানক বিটিচি প্ৰশাসনৰ সম্বৰ্ধনা...

jamuna river Man dies after jumping into funeral pyre