
ডিজিটেল ডেস্ক : দেশৰ শীৰ্ষ মল্লযোদ্ধাসকলে দিল্লীৰ যন্তৰ-মন্তৰ কঁপোৱা ১৮ দিনত প্ৰৱেশ কৰিলে। যাৰ বাবে মঙলবাৰে স্থগিত ৰখা হয় অনুৰ্ধ্ব-১৫ আৰু অনুৰ্ধ্ব-২০ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ। ফেডাৰেচনৰ ২ মে'ৰ এক বিজ্ঞপ্তি অনুসৰি এই প্ৰতিযোগিতা সমূহ ৩০ মে'ৰ পৰা ২ জুনলৈ পুনেত অনুষ্ঠিত হোৱাৰ কথা প্ৰকাশ পাইছিল।
ইয়াৰ পিছতে এড-হক সমিতিৰ সদস্য ভূপেন্দ্ৰ সিং বাজৱাৰ দ্বাৰা স্বাক্ষৰিত মঙলবাৰৰ এখন পত্ৰত ডব্লিউএফআইৰ সকলো বিভাগীয় সচিব আৰু সভাপতিক সম্বোধন কৰি এক বৈঠক অনুষ্ঠিত কৰা হয়। য'ত আলোচিত হয় অনুৰ্ধ্ব-১৫ আৰু অনুৰ্ধ্ব-২০ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ নতুন তাৰিখৰ বিষয়ে। আনহাতে বুধবাৰে আৰম্ভ হ'বলগীয়া আই এছ এছ এফ বিশ্বকাপৰ বাবে আজাৰবাইজানৰ বাকুত ভাৰতীয় শ্বুটিং দলৰ সৈতে উপস্থিত আছে সমিতিখনৰ সদস্য তথা ৰাইফল প্ৰশিক্ষক সুমা শিৰুৰ।
উল্লেখ্য যে, মল্লযোদ্ধা ফেডাৰেচন অফ ইণ্ডিয়াৰ (ডব্লিউএফআই) চীফ ভোষণ চৰণ সিঙৰ বিৰুদ্ধে উত্থাপন হৈছে নিৰ্যাতনৰ অভিযোগ। মহিলা মল্লযোদ্ধাক চীফ গৰাকীয়ে চলোৱা নিৰ্বাচনৰ খবৰ বিয়পি পৰাৰ লগে লগে খেলুৱৈ সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। যাৰ বাবে বিগত ১৭ দিনে দিল্লীৰ যন্তৰ-মন্তৰত মল্লযোদ্ধাসকলে প্ৰতিবাদ অব্যাহত ৰাখি বুধবাৰে ১৮ দিনত প্ৰৱেশ কৰে। এই প্ৰতিবাদত দেশৰ আগশাৰীৰ মল্লযোদ্ধাও অংশগ্ৰহণ কৰাৰ পৰিলক্ষিত হৈছে।