শাস্তি পাব ব্ৰীজ ভূষণ চৰণ সিঙে! দিল্লী আৰক্ষীৰ আশাব্যঞ্জক ভাষ্য...

শাস্তি পাব ব্ৰীজ ভূষণ চৰণ সিঙে! দিল্লী আৰক্ষীৰ আশাব্যঞ্জক ভাষ্য...

ডিজিটেল ডেস্ক : অথলে যোৱা নাই দেশৰ মল্লযোদ্ধাৰ প্ৰতিবাদ। অৱশেষত আৰক্ষীৰ এটা ভাষ্যই যেন সামান্য সকাহ দিছে প্ৰতিবাদী মল্লযোদ্ধাসকলক। যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত দেশৰ ৰেচলিং ফেডাৰেচন অফ ইণ্ডিয়াৰ অধ্যক্ষ ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে দাখিল হ'ল অভিযোগনামা। অভিযোগনামা দাখিলৰ পাছতেই আৰক্ষীৰ ভাষ্য, "শাস্তি প্ৰদানৰ বাবে এই প্ৰমাণেই যথেষ্ট।" এই ভাষ্যই এতিয়া কিছু পৰিমাণে সকাহ দিছে দেশৰ মল্লযোদ্ধাসকলক।

বিগত প্ৰায় ৪ মাহ ধৰি মল্লযোদ্ধাৰ প্ৰতিবাদত কঁপিছিল দেশৰ ৰাজধানীচহৰ দিল্লী। দেশৰ ৰেচলিং ফেডাৰেচন অফ ইণ্ডিয়াৰ অধ্যক্ষ ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ আনি প্ৰতিবাদ সাব্যস্ত কৰিছিল সাক্ষী মালিক, বজৰং পুনীয়াসহ বহু মল্লযোদ্ধাই।

মল্লযোদ্ধাৰ চাৰিমহীয়া প্ৰতিবাদৰ অন্তত দিল্লী আৰক্ষীয়ে দুখন এজাহৰৰ ভিত্তিত আৰম্ভ কৰিছিল তদন্ত। আৰু তদন্তৰ পাছতেই দিল্লী আৰক্ষীয়ে অধ্যক্ষগৰাকী বিৰুদ্ধে দাখিল কৰে ১০০০ পৃষ্ঠাজোৰা অভিযোগনামা। এই অভিযোগনামা দাখিল কৰা হৈছে প্ৰায় ১০০ৰো অধিক ব্যক্তিৰ ভাষ্যৰ আধাৰত। ব্যক্তিসকলৰ ভিতৰত ১৫ জনে ব্যক্তিয়ে দিছে অভিযোগ দাখিল কৰা ৭ মল্লযোদ্ধাৰ সপক্ষে সাক্ষী।

অভিযোগামানৰ ভিত্তিতেই দিল্লীৰ আদালতত অহা ১৮ জুলাইত হাজিৰ হোৱাৰ নিৰ্দেশ ব্ৰীজ ভূষণ চৰণ সিঙক। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে অধ্যক্ষগৰাকীক শাস্তি দিয়াৰ বাবে এই প্ৰমাণেই যথেষ্ট।

পিছে এই অভিযোগনামালৈ ভয় নাই ব্ৰীজ ভূষণ চৰণ সিঙৰ। অভিযোগনামা দাখিলৰ পাছতো পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰিছে ব্ৰীজ ভূষণ চৰণ সিঙে। এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে কৰা প্ৰশ্নৰ উত্তৰত ভাৰতীয় জনতা পাৰ্টীৰ লোকসভাৰ সদস্যজনে তথা অভিযুক্ত অধ্যক্ষজনে এই অভিযুগ অস্বীকাৰ কৰাই নহয়, সাংবাদিককো দুৰ্ব্যৱহাৰ কৰে। ইয়াৰ পূৰ্বেও সিঙে সংবাদ মাধ্যমৰ আগত সকলো অভিযোগ অস্বীকাৰ কৰি কৈছিল যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিচাৰিলেহে তেওঁ পদত্যাগ কৰিব।

উল্লেখ্য যে, অধ্যক্ষজনৰ বিৰুদ্ধে এগৰাকী নাবালিকা মল্লযোদ্ধাও অভিযোগ আনিছিল। যি অভিযোগৰ ভিত্তিত দাখিল হৈছিল দ্বিতীয়খন এজাহাৰ। প'চকো আইনৰ অধীনত পঞ্জীয়ন হোৱা উক্ত গোচৰ প্ৰমাণৰ আধাৰত বাতিল কৰিছে দিল্লী আৰক্ষীয়ে।

শাস্তি পাব ব্ৰীজ ভূষণ চৰণ সিঙে! দিল্লী আৰক্ষীৰ আশাব্যঞ্জক ভাষ্য...
নিমাত কেন্দ্ৰীয় চৰকাৰঃ দেশৰ হকে জয় কৰা মেডেল গংগাত পেলাই দিব মল্লযোদ্ধা সকলে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in