দিল্লী আৰক্ষীৰ মন্তব্যই সকাহ দিলে মল্লযুঁজাৰুকঃ আন্তঃৰাষ্ট্ৰীয় ৰেফাৰীৰ মন্তব্যই বিপদ বঢ়ালে ব্ৰীজ ভূষণৰ...

দিল্লী আৰক্ষীৰ মন্তব্যই সকাহ দিলে মল্লযুঁজাৰুকঃ আন্তঃৰাষ্ট্ৰীয় ৰেফাৰীৰ মন্তব্যই বিপদ বঢ়ালে ব্ৰীজ ভূষণৰ...
দিল্লী আৰক্ষীৰ মন্তব্যই সকাহ দিলে মল্লযুঁজাৰুকঃ আন্তঃৰাষ্ট্ৰীয় ৰেফাৰীৰ মন্তব্যই বিপদ বঢ়ালে ব্ৰীজ ভূষণৰ...

ডিজিটেল ডেস্কঃ 'ভাৰতীয় মল্লযুঁজ সন্থাৰ সভাপতি ব্ৰীজভূষণ চৰণ সিঙে মহিলা মল্লযুঁজাৰুসকলক যৌন উৎপীড়ৰণ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে মহিলা মল্লযুঁজাৰুসকলে। কিন্তু তেওঁলোকে এনে কোনো মন্তব্য কৰা নাছিল যিয়ে হিংসাত্মক পৰিস্থিতিৰ সূচনা কৰিব পাৰে।'- শুকুৰবাৰে ন্যায়ালয়ত এই মন্তব্য কৰিছে দিল্লী আৰক্ষীয়ে।

অৰ্থাৎ যোৱা ২৮ মে’ তাৰিখে দিল্লীৰ যন্তৰমন্তৰত মল্লযুঁজাৰুসকলৰ বিৰুদ্ধে যি অপৰাধৰ অভিযোগ উঠিছিল সেই অভিযোগ সন্দৰ্ভত বহু শিথিল ভাৱে ব্যাখ্যা আগবঢ়ালে দিল্লী আৰক্ষীয়ে। যিয়ে মল্লযুঁজাৰুসকলৰ বিৰুদ্ধে উত্থাপিত অভিযোগক দুৰ্বল কৰিলে।

ইয়াৰ মাজতে এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেফাৰীয়ে কৰা এক মন্তব্যই এতিয়া আকৌ ব্ৰীজ ভূষণ সিঙক বিপদ পেলাইছে। অৰ্থাৎ যি সময়ত মল্লযুঁজাৰুসকলৰ বিৰুদ্ধে উত্থাপিত অভিযোগ দুৰ্বল বুলি প্ৰমাণ হৈছে আৰু তেওঁলোকে সকাহ লাভ কৰিছে তাৰ মাজতে ব্ৰীজ ভূষণ সিঙৰ বিপদ বাঢ়িছে।

উল্লেখ্য যে, বম বম মহাৰাজ নৌহাটিয়া নামৰ এজন লোকে প্ৰতিবাদী মল্লযুঁজাৰু ভিনেশ ফোগাট, বজৰং পুনিয়া আৰু সাক্ষী মালিকৰ বিৰুদ্ধে গোচৰ দাখিল কৰি অভিযোগ কৰিছিল যে, তেওঁলোকে ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে মিচা অভিযোগ উত্থাপন কৰিছে। তেওঁৰ বিৰুদ্ধে কু মন্তব্য কৰিছে।

ইয়াৰোপৰি তেওঁ দাবী কৰিছিল যে যন্তৰ মন্তৰত ২৮ মে'ত মল্লযুঁজাৰুসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধেও শ্লোগান দিছিল। এই গোচৰৰ শুনানিতে দিল্লী আৰক্ষীয়ে ন্যায়ালয়ক জনাইছে যে, সেইদিনা কোনেও হিংসাত্মক মন্তব্য কৰা নাছিল।

ইফালে আন্তৰ্জাতিক ৰেফাৰী জগবীৰ সিঙে এনে সময়তে এক বিস্ফোৰক দাবী উত্থাপন কৰিছে। তেওঁ বিগত বছৰত লক্ষ্ণৌত অনুষ্ঠিত হোৱা এছিয়ান চেম্পিয়নশ্বিপৰ সময়ৰ এক ঘটনাৰ বিষয়ে সবিশেষ প্ৰকাশ কৰিছে।

সেই সময়ত এগৰাকী মহিলা মল্লযুঁজাৰুৱে জনাইছিল যে ফটো উঠাৰ সময়ত ব্ৰীজ ভূষণে তেওঁক আপত্তিজনক ভাৱে স্পৰ্শ কৰিছিল। এই বিষয়ে মহিলা মল্লযুঁজাৰুগৰাকীয়ে অৱগত কৰিছিল আৰু পৰৱৰ্তী সময়ত তাৰ পৰা আঁতৰি গৈছিল।

আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী জগবীৰ সিঙৰ এই দাবীয়ে এতিয়া ব্ৰীজভূষণ সিঙৰ বিৰুদ্ধে উত্থাপিত অভিযোগক অধিক মান্যতা প্ৰদান কৰিলে। সঠিক ভাৱে তদন্ত আগবাঢ়িলে যে ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সত্য প্ৰমাণিত হ'ব সেই কথা নিশ্চিত বুলি মন্তব্য কৰিছে মল্লযুঁজাৰুসকলৰ সৈতে থিয় দিয়া লোকসকলে।

দিল্লী আৰক্ষীৰ মন্তব্যই সকাহ দিলে মল্লযুঁজাৰুকঃ আন্তঃৰাষ্ট্ৰীয় ৰেফাৰীৰ মন্তব্যই বিপদ বঢ়ালে ব্ৰীজ ভূষণৰ...
নিচামুক্ত কেন্দ্ৰত ভয়ংকৰ ঘটনাঃ ৬ ড্ৰাগছ আসক্তৰ তাণ্ডৱ চলাই পলায়ন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in