নিচামুক্ত কেন্দ্ৰত ভয়ংকৰ ঘটনাঃ ৬ ড্ৰাগছ আসক্তৰ তাণ্ডৱ চলাই পলায়ন...

নিচামুক্ত কেন্দ্ৰত ভয়ংকৰ ঘটনাঃ ৬ ড্ৰাগছ আসক্তৰ তাণ্ডৱ চলাই পলায়ন...

ডিজিটেল সংবাদ চামগুৰিঃ চামগুৰিৰ নতুন তিনিআলিস্থিত নিচামুক্তি কেন্দ্ৰত নিশা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। দুৱাৰ ভাঙি পলায়ন কৰে ৬ জনকৈ ড্ৰাগছ আসক্ত যুৱকে।

এই সমগ্ৰ দৃশ্য বন্দী হৈ ৰ'ল চি চি টিভি কেমেৰাত। উল্লেখ্য যে, চামগুৰিস্থিত এৰাইজিং ৱেলনেছ চচাইটি নামৰ নিচামুক্তি কেন্দ্ৰটোত সংঘটিত হৈছে এই ঘটনা।

নিশা নিচামুক্তি কেন্দ্ৰটোত থকা ৬ জনকৈ ড্ৰাগছ আসক্ত যুৱকে হাতে হাতে লোহাৰ ৰদ, চোকা অস্ত্ৰ আদি লৈ প্ৰথমে নিচামুক্তি কেন্দ্ৰটোৰ দুজনকৈ কৰ্মচাৰীক ভাবুকি প্ৰদান কৰে।

তাৰ পাছতে এফালৰ পৰা ভাঙি লণ্ড-ভণ্ড কৰে নিচামুক্তি কেন্দ্ৰটোৰ বিভিন্ন আচবাব। ইয়াৰ পাছতেই নিচামুক্তি কেন্দ্ৰটোৰ পৰা ৬ জন ড্ৰাগছ আসক্তই পলায়ন কৰে। অৱশ্যে ইয়াৰে ৫ জনক কেন্দ্ৰটোৰ কৰ্তপক্ষই কৰায়ত্ত্ব কৰিবলৈ সক্ষম হয় যদিও এজন এতিয়াও পলাতক অৱস্থাত আছে।

অভিযোগ অনুসৰি এই নিচামুক্তি কেন্দ্ৰটোত প্ৰতি নিশাই নিচাযুক্ত দ্ৰৱ্য সেৱন কৰি এক হুলস্থুলীয়া পৰিৱেশৰ সূচনা কৰি আহিছে। নিচাৰ পৰা মুক্তি লাভৰ বাবে এই কেন্দ্ৰটোলৈ অহা যুৱকে নিচা গ্ৰহণ কৰি যি অভব্য আচৰণ কৰে সেই আচৰণত অতিস্থ হৈ পৰিছে স্থানীয় লোক।

ইফালে নিচা মুক্তিৰ বাবে এই কেন্দ্ৰটোলৈ অহা যুৱকসকলে কিদৰে প্ৰতি নিশা নিচাযুক্ত দ্ৰৱ্য সেৱন কৰি এইদৰে হুলস্থুলীয়া পৰিৱেশৰ সূচনা কৰে তাক লৈও প্ৰশ্ন উত্থাপন হৈছে। নিশা এই ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় লোকে সমগ্ৰ বিষয়টো চামগুৰি আৰক্ষীক অৱগত কৰে। আৰক্ষীও ঘটনাস্থলীলৈ আহি প্ৰাৰম্ভিক তদন্ত অব্যাহত ৰাখিছে।

নিচামুক্ত কেন্দ্ৰত ভয়ংকৰ ঘটনাঃ ৬ ড্ৰাগছ আসক্তৰ তাণ্ডৱ চলাই পলায়ন...
খোৱা পানীৰ অভাৱত ভূগি থকা গুৱাহাটীবাসীলৈ আন এক বিপদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in