দিল্লীৰ মহিলা মল্লযোদ্ধাসকলৰ প্ৰতি সমৰ্থন শাসকীয় দলৰ সাংসদৰ...

দীৰ্ঘদিন ধৰি দেশৰ মল্লযোদ্ধাসকলে ৰাজধানী চহৰ দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । বহু সাধনাৰ ফলত প্ৰাপ্তি লাভ কৰা অলিম্পিকৰ মেডেল পৰ্যন্ত গংগাত উটুৱাই দিয়াৰো সিদ্ধান্ত লৈছিল খেলুৱৈসকলে

author-image
Asomiya Pratidin
New Update
দিল্লীৰ মহিলা মল্লযোদ্ধাসকলৰ প্ৰতি সমৰ্থন শাসকীয় দলৰ সাংসদৰ...

ডিজিটেল ডেস্কঃ দীৰ্ঘদিন ধৰি দেশৰ মল্লযোদ্ধাসকলে ৰাজধানী চহৰ দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । মূলত ৰেষ্টলিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ অধ্যক্ষ তথা বিজেপিৰ সাংসদ ব্ৰীজভূষণ চৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগত সাব্যস্ত কৰা হৈছিল এই প্ৰতিবাদ।বহু সাধনাৰ ফলত প্ৰাপ্তি লাভ কৰা অলিম্পিকৰ মেডেল পৰ্যন্ত গংগাত উটুৱাই দিয়াৰো সিদ্ধান্ত লৈছিল খেলুৱৈসকলে । 

Advertisment

আনহাতে, এনে অভিযোগৰ বিপৰীতে সাংসদগৰাকীৰ বিৰুদ্ধে বৰ্তমানেও কোনোধৰণৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই । শুকুৰবাৰৰ দিনটোত খেলুৱৈসকলৰ এই প্ৰতিবাদক লৈ মন্তব্য প্ৰদান কৰিছে মহাৰাষ্ট্ৰৰ বিজেপি সাংসদ প্ৰীতম মুণ্ডেই । সাংসদগৰাকীয়ে আজি কয় যে, "মহিলাই কৰা যি কোনো অভিযোগক গুৰুত্ব প্ৰদান কৰা উচিত ।" লগতে সাংসদগৰাকীয়ে অভিযোগ সন্দৰ্ভত উৰ্ধতম কতৃপক্ষই বিচাৰ কৰিব বুলিও আশা প্ৰকাশ কৰিছে ।

সাংসদ মুণ্ডেই কয় যে, "মই সাংসদ হিচাপে নহয়, এগৰাকী মহিলা হিচাপে কওঁ যদিহে এনেধৰণৰ অভিযোগ কোনো মহিলাই উত্থাপন কৰে তেনেহলে এই অভিযোগৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰি, এনে ঘটনাৰ তদন্তৰ পিছতহে সিদ্ধান্তলৈ অহা উচিত ।"

লগতে সাংসদগৰাকীয়ে কয় যে, "যদিহে অনাগত ৪৫ দিনৰ ভিতৰত নিৰ্বাচন অনুস্থিত নহয় তেনেহ'লে ইউনাইটেট ৱৰ্ল্ড ৰেষ্টলিঙে (ইউ ডব্লিউ ডব্লিউ) ভাৰতক বহিষ্কাৰ কৰিব । যদিওবা মই বিজেপি সাংসদ এইটো ক'ব লাগিব যে খেলুৱৈসকলৰ প্ৰতিবাদ কৰাৰ সন্দৰ্ভত চৰকাৰৰ তৰফৰ পৰা যিদৰে খবৰ নাইবা গুৰুত্ব প্ৰদান কৰিব লাগিছিল সেয়া কৰা হোৱা নাই ।"

ইয়াৰ উপৰিও সাংসদগৰাকীয়ে মন্তব্য প্ৰদান কৰে যে, "বিজেপিৰ বাবে দেশ প্ৰথম । তাৰ পিছতহে দল আহে বুলি মন্তব্য কৰি এনে ঘটনাৰ গুৰুত্ব প্ৰদান কৰিব লাগে বুলি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে ।"

উল্লেখযোগ্য যে এই বৰ্ষৰ ২৩ এপ্ৰিলৰ পৰা দেশৰ মল্লযোদ্ধাসকলে প্ৰতিবাদ কৰি আহিছিল যদিও খেলুৱৈসকলৰ চিঞৰ শুনিবলৈ সময় নাছিল শাসকীয় দলটোৰ । কিন্তু শেষতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় স্তৰত নিন্দিত হোৱাৰ পিছতেই ঘটনা সন্দৰ্ভত বুধবাৰে মুখ খুলিছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, "অভিযোগ সন্দৰ্ভত তদন্ত চলাই থকা হৈছে । আৰু তদন্তৰ অন্তত ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে।"

Also Read: 'কল্লোল বৰ্ষ'ত সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাক নগাঁৱৰ ৬০ টাকৈ প্ৰতিষ্ঠানৰ সম্বৰ্ধনা...

wrestling Pritam Munde wrestlers protest protest