'কল্লোল বৰ্ষ'ত সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাক নগাঁৱৰ ৬০ টাকৈ প্ৰতিষ্ঠানৰ সম্বৰ্ধনা...

নগাঁৱত সাংস্কৃতিক গোষ্ঠী "কল্লোল"ৰ কল্লোল বৰ্ষৰ অতিথি হিচাপে অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা হেমকোষ ব্ৰেইল সংস্কৰণৰ ব্যৱস্থাপক জয়ন্ত বৰুৱালৈ সম্বৰ্ধনা আৰু অভিনন্দন...

author-image
Asomiya Pratidin
New Update
'কল্লোল বৰ্ষ'ত সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাক নগাঁৱৰ ৬০ টাকৈ প্ৰতিষ্ঠানৰ সম্বৰ্ধনা...

ডিজিটেল সংবাদ, নগাঁও : মধ্য অসমৰ অন্যতম সাংস্কৃতিক গোষ্ঠী 'কল্লোল'য়ে আয়োজন কৰা সম্বৰ্ধনা তথা অভিনন্দন অনুষ্ঠানত উপস্থিত থাকে সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱা ৷ হেমকোষৰ ব্ৰেইল সংস্কৰণ প্ৰকাশ কৰি অসমীয়াৰ লগতে সমগ্ৰ ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে সাদিন-প্ৰতিদিন গোষ্ঠীৰ সম্পাদক গৰাকীয়ে। দৃষ্টিহীন লোকসকলৰ বাবে আগবঢ়োৱা অৱদানৰ বাবেই বৰুৱাক শুকুৰবাৰৰ এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়।

Advertisment

কল্লোল বৰ্ষৰ অতিথি হিচাপে উপস্থিত থাকি বৰুৱাই অনুভৱ ব্যক্ত কৰি কয় যে, "নীৰৱে কাম কৰি গৈছিলো ৷ আজি সামাজিক স্বীকৃতিয়ে পৰিতৃপ্তি দিছে ৷ ভৱিষ্যতে আৰু কৰিব লগা কামৰ পৰিকল্পনা আছে ৷ সেই কামো কৰি যাম ৷"

নগাঁৱৰ কলঙপাৰৰ সাংস্কৃতিক প্ৰকল্পত শুকুৰবাৰে বিয়লি দুই বজাৰ পৰা আৰম্ভ হয় কল্লোলৰ বৰ্ষ অতিথি অনুষ্ঠান ৷ অনুষ্ঠানটিৰ উদ্দেশ্য বাখ্যা কৰে নৌচাদ আখটাৰ হাজৰিকাই ৷ ইয়াৰ পিছতে অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাৰ বিষয়ে আলোকপাত কৰে গল্পকাৰ শিবানন্দ কাকতীয়ে ৷ অনুষ্ঠানটি পৰিচালনা কৰে লুহিত কলিতাই ৷ উল্লেখ্য যে, অনুষ্ঠানটিত মুৰুলি শৰ্মা, গুনজিৎ গোস্বামীয়েও অংশ লয় ৷

বৰ্ষটোৰ অতিথি অনুষ্ঠানত সম্পাদক জয়ন্ত বৰুৱাই কয় যে, "প্ৰেৰণাৰ উৎস হৈছে কল্লোল গোষ্ঠী ৷ জাতিৰ সংকট কালত নগাঁৱৰ একাংশ ডেকাই জন্ম দিছিল কল্লোলক৷"

অনুষ্ঠানত হেমকোষৰ ব্ৰেইল সংস্কৰণ সন্দৰ্ভত অনুভব ব্যক্ত কৰি সংস্কৰণৰ ব্যৱস্থাপক জয়ন্ত বৰুৱাই কয় যে, দৃষ্টিহীনসকলৰ বাবে ব্ৰেইল সংস্কৰণটিৰ কাম হাতত লোৱা হৈছিল ৷ দৃষ্টিহীন সকলে বহু অসমীয়া শব্দৰে পৰিচিত নোহোৱাকৈ শিক্ষা গ্ৰহণ কৰি থাকিব লগা হৈছিল ৷ সেয়ে দৃষ্টিহীন সকলক আগবঢ়াই নিবলৈকে ব্ৰেইল সংস্কৰণৰ কাম হাতত লোৱা হৈছিল ৷ ১,৩৩৬ পৃষ্ঠাৰ হেমকোষখনি ব্ৰেইল সংস্কৰণ কৰোতে ১০,২৯৭ পৃষ্ঠা হয় ৷ বহু প্ৰত্যাহবানৰ মাজেৰে এই কাম কৰা হৈছিল ৷ ১০ লাখ ৭০ হাজাৰ ব্ৰেইল শব্দ ইয়াত সনিবিষ্ট কৰা হৈছে ৷

উক্ত অনুষ্ঠানতে হেমকোষৰ ব্ৰেইল সংস্কৰণৰ ব্যৱস্থাপক জয়ন্ত বৰুৱাক নগাঁও জিলাৰ একাধিক অনুষ্ঠান প্ৰতিষ্ঠানে সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷ গামোচা, শৰাই, চেলেং, স্মাৰক, প্ৰশস্তি পত্ৰ আদিৰে কল্লোলে প্ৰথমে সম্বৰ্দ্ধনা জনোৱাৰ পিছত জিলাখনৰ প্ৰায় ৬০ টাকৈ সংগঠনে বৰুৱাক সম্বৰ্দ্ধনা জনায় বৰুৱাক ৷ দৃষ্টিহীন ছাত্ৰ দিগন্ত নাথে গীত পৰিৱেশন কৰা অনুষ্ঠানটিৰ পাতনিতে প্ৰয়াত অভিনেত্ৰী আৰতী বৰুৱাৰ প্ৰতি শোঁক প্ৰকাশ কৰা হয় ৷ আনহাতে অনুষ্ঠানটিতে সাংবাদিক প্ৰকাশ মহন্ত, ৰুবী বৰুৱাকো কল্লোল সাংস্কৃত গোষ্ঠীৰ তৰফৰ পৰা গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয় ৷

Also Read: ৰথত উঠি পাইছেনে ? দীঘলীপুখুৰীৰ পাৰত চুলতানৰ ৰথ...

JAYANTA BARUAH